২৩ মে’ত অনুষ্ঠিত হ’ব নাগালেণ্ড ৰাজ্যিক প্ৰৱেশ পৰীক্ষা

প্ৰতিনিধিত্বমূলক ছবি

নাগালেণ্ড চৰকাৰৰ শিক্ষা বিভাগৰ অধীনস্থ শিক্ষানুষ্ঠান সমূহত পেৰা মেডিকেল/এগ্ৰি আৰু এই ধৰণৰ অন্যান্য স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নাগালেণ্ড ৰাজ্যিক প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব ২৩ মে’ত।

নাগালেণ্ড ব’ৰ্ড অব স্কুল এডুকেইশ্যনে (এন বি এছ ই) জাৰি কৰা এক বিবৃতিৰ পৰা এই কথা জানিব পৰা গৈছে।

এই পৰীক্ষা পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ অনুষ্ঠিত কৰা হ’ব বুলি বিবৃতিটোত কোৱা হৈছে।

বিবৃতিটোত লগতে জনোৱা হয় যে উক্ত পৰীক্ষাৰ বাবে অহা ২১ আৰু ২২ মে’ত এন বি এছ ই কাৰ্যালয়ত গৈ পৰীক্ষাৰ্থীসকলে প্ৰৱেশ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব। প্ৰৱেশ-পত্ৰ সংগ্ৰহৰ সময়তে প্ৰাৰ্থীসকলে ৬০০ টকাৰ পৰীক্ষা মাচুল আদায় কৰিব লাগিব।

প্ৰাৰ্থীসকলক প্ৰৱেশ-পত্ৰ সংগ্ৰহ কৰিবলৈ আহোতে তথা পৰীক্ষা গৃহলৈ অহাৰ পৰত পৰিচয়ৰ প্ৰমান হিচাপে হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰৱেশ-পত্ৰ লগতে লৈ আনিবলৈ বিবৃতিটোৰ জৰিয়তে কোৱা হৈছে।

আনহাতে পৰীক্ষাৰ দিনা অৰ্থাৎ ২৩ মে’ত প্ৰৱেশ-পত্ৰ দিয়া নহ’ব বুলি বিবৃতিটোত লগতে কোৱা হয়।