২৯০ কোটি টকাৰ সম্পত্তিৰে মেঘালয়ৰ আটাইতকৈ ধনী প্ৰাৰ্থীগৰাকীয়ে বিদ্যালয়তে এৰিছিল শিক্ষা জীৱন

ngaitlang-b-570x320

এনগেইটলাং ধৰ

মেঘালয় বিধানসভাৰ এতিয়ালৈকে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত আটাইতকৈ ধনী প্ৰাৰ্থী হিচাপে পৰিগণিত হৈছে উমৰই সমষ্টিৰ নেশ্যনেল পীপলচ পাৰ্টিৰ (এনপিপি) প্ৰাৰ্থী এনগেইটলং ধৰ।

পাহাৰীয়া ৰাজ্যখনৰ নিৰ্মাণ খণ্ডৰ এগৰাকী শীৰ্ষ ব্যৱসায়ী ধৰে নিৰ্বাচনী বিষয়াৰ হাতত তেওঁৰ মনোনয়ন পত্ৰৰ লগত দাখিল কৰা শপতনামাত তেওঁৰ সম্পত্তিৰ পৰিমান ২৯০ কোটি বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে মনোনয়ন পত্ৰৰ লগত সা-সম্পত্তিৰ তালিকাৰ শপতনামা দাখিল কৰাটো বাধ্যতামূলক।

ধৰ এখন বিএমডব্লিউ আৰু এখন টয়টা এছইউভিৰ সৈতে ১৪৪ খন সৰু গাড়ীৰ মালিক। তদুপৰি কেইখনমান ট্ৰাকো আছে বুলি শপতনামাখনত উল্লেখ কৰিছে।

বিদ্যালয় পৰ্যায়তে শিক্ষা জীৱন ত্যাগ কৰা ধৰে শপতনামাখনত উল্লেখ কৰিছে যে কৃষিভূমিকে ধৰি তেওঁৰ ২১৯.০৪ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আৰু ৭১.২৩ কোটি টকাৰ স্থাৱৰ সম্পত্তি আছে।

শপতনামাখনত উল্লেখ কৰা অনুসৰি বিদ্যালয় পৰ্যায়তে শিক্ষা ত্যাগ কৰা ব্যক্তিগৰাকীৰ ৩.৯৫ কোটি টকাৰ গাড়ীৰ ঋণ অনাদায় হৈ আছে।

তেওঁৰ পত্নীৰ ১.২১ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ৩.৭ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে।

মাওহাটি সমষ্টিৰ এনপিপিৰ প্ৰাৰ্থী ধৰৰ ২৫ বছৰীয়া পুত্ৰ দশক্ষিত লেমেৰেই মুঠ ৪০ কোটি টকাৰ সম্পত্তি থকাৰ কথা উল্লেখ কৰিছে।

ধৰৰ ভাতৃ স্নিয়াওভালাং ধৰেও এগৰাকী এনপিপিৰ প্ৰাৰ্থী হিচাপে আসন্ন নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

তেওঁ কংগ্ৰেছ ত্যাগ কৰাৰ আগতে বৰ্তমান চৰকাৰৰ এগৰাকী মন্ত্ৰী আছিল।

তেওঁৰ সম্পত্তিৰ পৰিমান ৩.২৮ কোটি টকা আৰু পত্নীৰ সম্পত্তিৰ পৰিমান প্ৰায় ১.৬ কোটি টকা বুলি শপতনামাৰ যোগেদি ঘোষণা কৰিছে।

এনগেইটলাং ধৰ আৰু তেওঁৰ ভাতৃ দুয়োগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰি নিৰ্বাচনৰ আগতে এনপিপিত যোগদান কৰিছিল।

মেঘালয়ত অহা ২৭ ফেব্ৰুৱাৰীত ইয়াৰ দশম ৬০ জনীয়া বিধানসভাৰ বাবে নাগালেণ্ডৰ সৈতে একেদিনাই নিৰ্বাচন অনুষ্ঠিত হ’ব।

দুয়োখন ৰাজ্যতে অহা ৩ মাৰ্চত ত্ৰিপুৰাৰ সৈতে একেলগে ভোটগণনা অনুষ্ঠিত হ’ব। ত্ৰিপুৰাত ফেব্ৰুৱাৰীৰ ১৮ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ