২ শতাংশ বৃদ্ধি কৰা হ’ল ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ

secretariat

প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিশ্ৰুতি প্ৰদান কৰা অনুসৰি কৰ্মচাৰীসকলক ২ শতাংশ মৰগীয়া বানচ প্ৰদান কৰাৰ বাবে মঙলবাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বিত্ত বিভাগে।

বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথনে এক নিৰ্দেশনাযোগে ৰাজ্যিক কৰ্মচাৰীসকলক মৰগীয়া বানচ আৰু বকেয়া ধন আদায়ৰ নিৰ্দেশ দিছে।

২০১৮ বৰ্ষৰ জানুৱাৰি মাহৰ পৰা মৰগীয়া বানচ বৃদ্ধি প্ৰযোজ্য হ’ব বুলি এই নিৰ্দেশনাত উল্লেখ কৰিছে।  সেই অনুসৰি এপ্ৰিল মাহৰ দৰমহাৰ সৈতে ৰাজ্যিক কৰ্মচাৰীসকলে দুই শতাংশ অতিৰিক্ত মৰগীয়া বানচ লাভ কৰিব।

ইয়াৰ উপৰি কৰ্মচাৰীসকলে তিনিমাহৰ বকেয়া ধনো একেলগে লাভ কৰিব। এতিয়াৰে পৰা ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচৰ পৰিমাণ ৭ শতাংশ বৃদ্ধি পাব।

ইফালে এই বৰ্ধিত বকেয়া ধন কৰ্মচাৰীসকলক বেংক একাউণ্টযোগে প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে। পৰৱৰ্তী মাহৰ পৰা এই মৰগীয়া বানচ মাহিলী দৰমহাৰ সৈতে লাভ কৰিব।

উল্লেখ্য যে কৰ্মচাৰীক মৰগীয়া বানচ আৰু বকেয়া ধন আদায় দিবলৈ কোষাগাৰ, উপকোষাগাৰসমূহলৈ বিত্ত বিভাগৰ আয়ুক্ত সচিবে নিৰ্দেশ দিছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পৰা উপকৃত হ’ব পেঞ্চনাৰসকলো।

মঙলবাৰে বিত্ত বিভাগে প্ৰদান কৰা নিৰ্দেশনাক সদৌ অসম কৰ্মচাৰী পৰিষদে আদৰণি জনাইছে।