২-০ গ’লৰ ব্যৱধানত কেৰেলা ব্লাষ্টাৰ্ছক পৰাস্ত কৰি ১৮ অনূৰ্ধ্ব য়ুথ লীগৰ খিতাপ দখল শ্বিলং লাজং এফ চিৰ

shillong lajong

ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে শ্বিলং লাজং এফ চিয়ে ১৮ বছৰ অনূৰ্ধ্বৰ য়ুথ লীগ প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ দখল কৰিলে। শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেল মেচত শ্বিলং লাজঙে কেৰেলা ব্লাষ্টাৰ্ছক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

প্ৰতিযোগিতাৰ অপ্ৰতিৰোধ্য শ্বিলং লাজঙে ফাইনেল মেচখনতো আশানুৰূপভাৱে আৰম্ভণি কৰে। মেচৰ আৰম্ভণিতে লাজঙৰ খেলুৱৈ ছেমুৱেল কিনছিয়ে গ’ললৈ মাৰি পঠিওৱা ফ্ৰী কিকক কেৰেলা ব্লাষ্টাৰ্ছৰ খেলুৱৈ লিনছ পি পওলছে বাধা দিবলৈ গৈ আত্মঘাটি গ’ল ৰূপে প্ৰথমটো অগ্ৰগতি লয় ঘৰুৱা দলটোৱে।

তীব্ৰ উত্তেজনাময় মেচখনত ঘৰুৱা দৰ্শকৰ সন্মুখত খেলা লাজঙে মেচৰ প্ৰতিটো মুহুৰ্তই দমনীয় প্ৰদৰ্শনৰে সম্পূৰ্ণ চাপত ৰাখে কেৰেলা ব্লাষ্টাৰ্ছক। আলহী দল কেৰেলাই প্ৰথমাৰ্ধত সুযোগ উলিওৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হয়।

১-০ ব্যৱধানত পিছ পৰি থকা কেৰেলা ব্লাষ্টাৰ্ছে মেচৰ দ্বিতীয়াৰ্ধত প্ৰত্যাৱৰ্তনৰ বাবে সকলো প্ৰকাৰৰে চেষ্টা চলাই যদিও লাজঙৰ শক্তিশালী ৰক্ষণ বিভাগে তেওঁলোকৰ সকলো চেষ্টা প্ৰতিহত কৰে।

আনহাতে ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আইএছএলত প্ৰতিনিধিত্ব কৰা কেৰেলা ব্লাষ্টাৰ্ছে সমতা স্থাপনৰ উদ্দেশ্যেৰে দ্বিতীয়াৰ্ধত আক্ৰমণাত্মক খেলৰ প্ৰদৰ্শন কৰে যদিও তেওঁলোকৰ শিবিৰত মোক্ষম আঘাত দিয়ে ৰেফাৰীয়ে। কিয়নো তেওঁলোকৰ দুগৰাকী খেলুৱৈ ক্ৰমে পওলছ আৰু ছুহাইব এছে প্ৰতিপক্ষৰ খেলুৱৈৰ ওপৰত আক্ৰমণ কৰা বাবে ৰঙা কাৰ্ড পাই মেচৰ পৰা বাহিৰ হ’বলগীয়া হয়।

ইফালে শ্বিলং লাজঙৰ খেলুৱৈ ফ্ৰাংকি বুআমকো ৰেফাৰীয়ে ৰঙা কাৰ্ড দেখুওৱাত খেলপথাৰ এৰি যাবলগীয়া হয়। আৰু এইদৰে কেৰেলা ব্লাষ্টাৰ্ছে ৯ গৰাকী আৰু লাজঙে ১০ গৰাকী খেলুৱৈৰ উপস্থিতিতে মেচৰ বাকী অংশ খেলে।

উল্লেখ্য যে মেচৰ অন্তিম মুহুৰ্তত লাজঙৰ কিনছেইলাং খংছিতে দ্বিতীয়টো গ’ল কৰি লাজঙৰ বিজয়ত মোহৰ লগায়। আৰু এইদৰে লাজঙে ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে য়ুথ লীগ পৰ্যায়ত ৰাষ্ট্ৰীয় খিতাপ দখল কৰিবলৈ সক্ষম হয়।