৩০ জুনত ওলাব চূড়ান্ত এন আৰ চি : ৰাজ্য, কেন্দ্ৰীয় চৰকাৰে দিন পিচুওৱাৰ বাবে কৰা অনুৰোধ প্ৰত্যাখ্যান উচ্চতম ন্যায়ালয়ৰ

supreme_court on nrc assam

অসমৰ চূড়ান্ত এন আৰ চি প্ৰকাশৰ বাবে ৩০ জুনক সময়সীমাৰূপে ধাৰ্য্য কৰিছে উচ্চতম ন্যায়ালয়ে। ৩১ মে’ৰ ভিতৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণ কৰি ৩০ জুনৰ ভিতৰত ইয়াক প্ৰকাশ কৰিবলৈ মঙলবাৰে উচ্চতম ন্যায়ালয়ে সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু চৰকাৰক নিৰ্দেশ দিছে।

অসমত অহা মাৰ্চ-এপ্ৰিলত হ’ব লগা পঞ্চায়ত নিৰ্বাচনত এন আৰ চি উন্নীতকৰণৰ কাম কৰি থকা চৰকাৰী কৰ্মচাৰীসকল জড়িত হ’ব লগাৰ বাবে চূড়ান্ত এন আৰ চি প্ৰকাশৰ অন্তিম দিনৰ ক্ষেত্ৰত কিছু শিথিলতা বিচাৰি অসম চৰকাৰৰ হৈ ভাৰতৰ অতিৰিক্ত ন্যায়াভিকৰ্তা (Additional Solicitor General) তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছিল।

অসম চৰকাৰৰ এই অনুৰোধ প্ৰত্যাখ্যান কৰি ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ৰহিণ্টন নৰিমনৰ আদালতে কয় যে কোনো কাৰণতে এন আৰ চিৰ কাম স্থগিত হ’ব নোৱাৰিব।

আদালতে কয় যে ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্ধাৰিত সূচী অনুযায়ী নিৰ্বাচন অনুষ্ঠিত কৰিব আৰু মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ।

নিৰ্বাচনৰ বাবে এন আৰ চিৰ কামত বাধা নোহোৱাতো নিশ্চিত কৰিবৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ে।

আনহাতে ভাৰত চৰকাৰৰ হৈ দেশৰ এটৰ্নি জেনেৰেল কে’ কে’ ৱেনুগোপালে এন আৰ চি পৰীক্ষণৰ কাম ৩১ জুলাইৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আদালতক জনাইছিল যদিও আদালতে সেই কথা অগ্ৰাহ্য কৰে।

তাৰোপৰি এজন অতিৰিক্ত সমন্বয়ক নিযুক্তিৰ বাবে কৰা আবেদনো খাৰিজ কৰি আদালতে ভাৰতৰ মহা পঞ্জীয়কক (Registrar General of India) নিৰ্দেশ দিয়ে যে চূড়ান্ত এন আৰ চি প্ৰকাশ হোৱালৈকে বৰ্তমানৰ সমন্বয়ক প্ৰতীক হাজেলাই দায়িত্বত থাকিব।

এতিয়াও ৰাজ্যত ১ কোটিতকৈ অধিক লোকৰ আবেদন পৰীক্ষা কৰিবলৈ বাকী থকা বুলি লিখিত প্ৰতিবেদন দি সমন্বয়কে আদালতৰ পৰা চূড়ান্ত এন আৰ চিৰ বাবে অতিৰিক্ত সময় বিচাৰি জনোৱা আবেদনো আদালতে খাৰিজ কৰে।

আদালতে লগতে কয় যে অহা ২৭ মাৰ্চৰ পৰৱৰ্তী শুনানিত এন আৰ চিৰ কামৰ অগ্ৰগতিৰ বুজ ল’ব।

আদালতে কয় যে এন আৰ চি প্ৰকাশৰ ক্ষেত্ৰত ভাৰতৰ মহাপঞ্জীয়ক, ৰাজ্যিক সমন্বয়ক আৰু অসম আৰু ভাৰত উভয় চৰকাৰ জৱাবদিহি হ’ব।

‘একমাত্ৰ উচ্চতম ন্যায়ালয়ৰ বাবেহে এন আৰ চিৰ কাম আগবাঢ়িছে’ বুলি উল্লেখ কৰি আছুৱে আদালতৰ নিৰ্দেশনাক আদৰণি জনাইছে।

আনহাতে এন আৰ চি গোচৰটোৰ গুচৰীয়া অসম পাব্লিক ৱৰ্কচৰ সভাপতি অভিজিত শৰ্মাই কয়, ‘কেৱল উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ বাবেহে আমি সময়মতে এখন এন আৰ চি পাবলৈ সক্ষম হ’ম।’