৩০ জুলাইত প্ৰকাশ কৰিব লাগিব এনআৰচিৰ চূড়ান্ত খচৰা: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

nrc

অসমৰ খিলঞ্জীয়া জনগণৰ অস্তিত্ব ৰক্ষাৰ দলিল স্বৰূপ এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰিব লাগিব অহা ৩০ জুলাইত।আজি এই নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।

এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাই দাখিল কৰা এক আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু এফ নাৰিমনৰ খণ্ড বিচাৰপীঠখনে এক শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। আনহাতে অহা ৩১ জুলাইত এনআৰচিৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন স্থানত হোৱা বানৰ বাবে যিহেতু পূর্বনির্ধাৰিত সময় অনুসৰি ৩০ জুনত নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্রকাশ নাপালে সেয়েহে আজি অনুষ্ঠিত হোৱা শুনানিলৈ গভীৰ উদ্বেগেৰ বাট চাইছিল আসমবাসীয়ে।

প্রণিধানযোগ্য যে বানৰ বাবে পূর্বনির্ধাৰিত সময়ত নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্রকাশত সমস্যাই দেখা দিয়া বুলি অলপতে উচচতম ন্যায়ালয়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই এখন প্রতিবেদন দাখিল কৰিছিল৷

ৰাজ্যিক সমন্বয়কজনে গ্রীষ্মকালীন বন্ধৰ বাবে ন্যায়ালয় বন্ধ থকাত উক্ত প্রতিবেদন উচচতম ন্যায়ালয়ৰ পঞ্জীয়কৰ ওচৰতে জমা দিছিল৷ তাৰ ভিত্তিতে আজি উচ্চতম ন্যায়ালয়ত এই গুৰুত্বপূৰ্ণ বিষয়টোৰ শুনানি গ্ৰহণ কৰি আদালতে দিয়া ৰায় যথেষ্ঠ গুৰুত্বপূৰ্ণ।