হাতৰ আঙুলিত ধৰি স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰে এটি শিশুৰ ভৱিষ্যত গঢ়ৰ আদিপাঠ শিকোৱা অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলে বৰ্তমান সময়ত চৰম হতাশাত ভোগাটো পৰিলক্ষিত হৈছে। সংহত শিশু বিকাশ আঁচনি ৰূপায়ণৰ বাবে তৃণমূল স্তৰত কৰ্মৰত অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলে তেওঁলোকৰ ৮ দফীয়া দাবীৰ ভিত্তিত দীৰ্ঘদিন ধৰি আন্দোলন চলাই আহিছে যদিও তেওঁলোকৰ দাবী সমূহ চৰকাৰে আওকাণ কৰি অহাৰ অভিযোগ তুলিছে। আজি গুৱাহাটী প্ৰেছক্লাবত এখন সংবাদমেল সম্বোধন কৰি অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই চৰকাৰক অহা ৩১ ডিচেম্বৰৰ ভিতৰত তেওঁলোকৰ দাবী সমূহ পূৰণ কৰাৰ বাবে আহ্বান জনায়।
উক্ত সংবাদমেলত অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সম্পাদিকা ইন্দিৰা নেৱাৰে তেওঁলোকক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত নিয়োগ কৰা তথা ঘৰে ঘৰে গৈ শিশুক পলিঅ’ সেৱন কৰোৱা ইত্যাদি কামবোৰৰ বাবে অতিৰিক্ত মাননী প্ৰদানৰ বাবে দাবী জনায়। লগতে এই মাননী প্ৰধান কৰ্মীৰ বাবে ৫ হাজাৰ টকা আৰু সহায়িকাৰ বাবে ৩৫০০ টকা ধাৰ্য্য কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি অৱসৰৰ সময়ত এককালীন সাহায্য কৰ্মীসকলৰ বাবে দুই লাখ টকা আৰু সহায়িকাৰ বাবে ১ লাখ ৫০ হাজাৰ কৰিব লাগে বুলি উক্ত সংবাদমেলৰ জৰিয়তে সদৰী কৰে। আনহাতে বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কিছুসংখ্যক অংগনৱাড়ী কেন্দ্ৰৰ অৱস্থা তেনেই তথৈবচ আৰু সেই কেন্দ্ৰ সমূহত খোৱা পানীৰ ব্যৱস্থা, ৰান্ধনী ঘৰৰ ব্যৱস্থা তথা বহি পাঠদান কৰিব পৰা ব্যৱস্থা নাই। সেয়েহে চৰকাৰে অতি সোনকালে এই কেন্দ্ৰ সমূহৰ প্ৰতি দৃষ্টি নিক্ষপ কৰিব লাগে বুলি সদৰী কৰে।
https://youtu.be/Vu7LnV3aU1g
উল্লেখযোগ্য যে চলিত বৰ্ষৰ জানুৱাৰি মাহৰ পৰা অংগনৱাড়ী কৰ্মী সহায়িকা সকলে সমগ্ৰ অসমতে দৰমহাৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে অন্যান্য দাবীসমূহ উত্থাপন কৰি আন্দোলনৰ কাৰ্য্যসূচী চলাই আহিছে। এই আন্দোলনে অসমৰ সৰ্বত্ৰে সঁহাৰি লাভ কৰাৰ পিছত যোৱা ৮ মে’ তাৰিখে অসম চৰকাৰৰ কেবিনেট বৈঠকত বিষয়টোৰ ওপৰত আলোচনা হয়। কিন্তু ৪ মাহ পাৰ হৈ যোৱাৰ পিছতো সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী নৱকুমাৰ দলেই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাজ্যৰ অংগনৱাড়ী কৰ্মী-সহায়িকা সকলৰ মাজত ক্ষোভৰ সৃষ্টি হয়। এনে পৰিপ্ৰেক্ষিতত যোৱা ৮ চেপ্তেম্বৰ তাৰিখে অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দিছপুৰ লাষ্টগেইটত এক ধৰ্ণা কাৰ্য্যসূচীৰ ৰূপায়ণ কৰে। আনহাতে এই কথা পুনৰবাৰ বিধানসভাৰ মজিয়াত উত্থাপিত হোৱাত সেই মাহৰে ২২ তাৰিখে অংগনৱাড়ী কৰ্মী সকলৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ কথা মন্ত্ৰী নৱ কুমাৰ দলেই সদৰি কৰিছিল। কিন্তু অংগনৱাড়ী কৰ্মী সকলে অভিযোগ কৰা অনুসৰি মন্ত্ৰী গৰাকীয়ে আলোচনা কৰিবলৈ তেওঁলোকক আমন্ত্ৰণ কৰি নিজেই আলোচনা সভাত উপস্থিত নাছিল। ইফালে চৰকাৰৰ বিষয়াসকলে তেওঁলোকৰ দাবীবোৰ পূৰণ কৰাৰ বাবে বিবেচনা কৰা হৈছে বুলি আশ্বাস প্ৰদান কৰিছিল। কিন্তু ২০১৭ বৰ্ষ উকলিব হোৱাৰ সময়তো চৰকাৰে দাবীসমূহ পূৰণ নকৰাৰ বাবে অংগনৱাড়ী কৰ্মীসকল ক্ষুভিত হৈ পৰে। এই বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত দাবীসমূহ পূৰণ কৰাৰ ব্যৱস্থা নকৰিলে নতুন বৰ্ষৰ ৩ জানুৱাৰিত ক্ৰমে আই চি ডি এছ প্ৰকল্প বিষয়াৰ কাৰ্য্যালয়, জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্য্যালয় আৰু সঞ্চালক সমাজ কল্যাণ বিভাগৰ কাৰ্য্যালয়ত পিকেটিং কাৰ্য্যসূচী হাতত লোৱা হ’ব বুলি অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাই আজিৰ সংবাদমেলত জানিবলৈ দিয়ে।