৩১ মে’ত ছিকিমৰ ৰাজনীতিত অভিষেক ঘটিব বাইচুং ভুটীয়াৰ ‘হামৰো ছিকিম পাৰ্টি’

Baichung-Bhutia

ফাইল ফটো

ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক তথা অৰ্জুন বঁটা প্ৰাপক বাইচুং ভুটীয়াই ঘোষণা কৰা ‘হামৰো ছিকিম পাৰ্টি’ (এইচ এচ পি) নামেৰে নামকৰণ কৰা ৰাজনৈতিক দলটো অহা ৩১ মে’ত পশ্চিম ছিকিমৰ ডাৰামডিনত আনুষ্ঠানিকভাৱে গঠন কৰা হ’ব।

ইতিমধ্যে ছিকিমৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ বাবে দলটোৱে প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি জানিব পৰা গৈছে। অৱশ্যে এই দলটো গঠন কৰাৰ বাবে ৰাজ্যখনৰ শাসকীয় এছ ডি এফ চৰকাৰখনে কিছু বাধাৰ সৃষ্টি কৰিছিল যদিও কৃতকাৰ্য নহ’ল শাসকীয় দলটো।

‘আমি বুজি পোৱা নাই এনে এটা দল মুকলি কৰাৰ বাবে এছ ডি এফ চৰকাৰখনৰ সমস্যা কি। আমি এটা নতুন দলহে গঠন কৰিব বিচাৰিছো। ইয়াৰ বাবে এছ ডি এফ চৰকাৰখনে আমাক ভয় কৰিব নালাগে’। অলপতে নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদ মেলত নতুন দলটোৰ বিষয়ে এনেদৰে সদৰী কৰে ফুটবল খেলুৱৈ বাইচুং ভুটীয়াই।

ইয়াৰ উপৰি তেওঁ কয় যে এই নতুন দলটো গঠন কৰাৰ ক্ষেত্ৰত শাসকীয় চৰকাৰখনে যিমান বাধা প্ৰদান কৰিছে, তাৰ বিপৰীতে আমি সাধাৰণ জনসাধাৰণৰ পৰা যথেষ্ট উৎসাহজনক সঁহাৰি লাভ কৰিছো।

‘আমি যি দেখা পাইছো ছিকিমৰ জনসাধাৰণে কেৱল পৰিৱৰ্তন নিবিচাৰে, বিচাৰে স্বচ্ছ পৰিৱৰ্তন। দলটো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ দিনা চৰকাৰখনে যদি কোনো বাধা প্ৰদান নকৰে, তেন্তে সেইদিনা পোন্ধৰ হেজাৰৰ পৰা বিশ হোজাৰ লোকৰ সমাগম ঘটাৰ আশা ৰাখিছো’। এইদৰে মন্তব্য কৰে দলটোৰ মুৰব্বী তথা প্ৰাক্তন ফটবলাৰ বাইচুং ভুটীয়াই।

বাইচুঙে আৰু কয় যে ‘হামৰো ছিকিম পাৰ্টি’ দলটো গঠন কৰাৰ বাবে আমি যথেষ্ট কঠোৰ শ্ৰম কৰিছো। বিগত ডেৰমাহ ধৰি আমি ছিকিমৰ বিভিন্ন ভিতৰুৱা স্থানসমূহলৈ গৈ সৰ্বসাধাৰণ জনতাৰ সৈতে মত-বিনিময় কৰিছো।  লগতে তেওঁ ইয়াকো কয় যে বহুলোকে বিশ্বাস কৰে যে ৰাজনীতিৰ পথাৰখন নিকা নহয় যদিও ৰাজনীতিত মই যোগদান কৰাৰ একমাত্ৰ উদ্দেশ্য হ’ল যুৱ সমাজক উৎসাহিত কৰাৰ লগতে ভাল মানুহবোৰ আগ বাঢ়ি আহি ৰাজনীতিৰ লেতেৰাবোৰ চাফা কৰাটো গুৰুত্বপূৰ্ণ।