NORTHEAST NOW (Assamese)

৪ৰ্থ সংখ্যক ‘ষ্টুডেণ্টচ অলিম্পিক নেচনেল গেমছ’ত ওদালগুৰি দলে অসমক প্ৰতিনিধিত্ব কৰিব

December 19, 2017 8:20 pm · ছাজিদ খান
Updated: December 19, 2017 8:40 pm
 ৪ জানুৱাৰীৰ পৰা হাৰিয়ানাৰ ৰহটকত অনুষ্ঠিত হ’ব লগীয়া ৪ৰ্থ সংখ্যক ‘ষ্টুডেণ্টচ অলিম্পিক নেচনেল গেমছ’ৰ ১৭ বছৰ আৰু ২২ বছৰ অনুৰ্দ্ধৰ ফুটবল প্ৰতিযোগিতাত ওদালগুৰি জিলাৰ দুটা দলে অংশ গ্ৰহণৰ সুযোগ পাইছে। ষ্টুডেণ্টচ অলিম্পিক এছ’চিয়েচন অব ইণ্ডিয়াৰ উদ্যোগত আৰু হাৰিয়না ষ্টুডেণ্টচ অলিম্পিক এছ’চিয়েচনৰ সহযোগত ৰহটকৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত হ’ব লগীয়া উক্ত প্ৰতিযোগিতাখন অহা বছৰৰ ৪জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ চলিব। উল্লেখযোগ্য যে চাৰি দিনীয়াকৈ চলিব লগীয়া উক্ত প্ৰতিযোগিতাখনত দুয়োটা দলে খেলখনত প্ৰতিনিধিত্ব কৰিব। ১৭ বছৰৰ অনুৰ্দ্ধৰ ফুটবল দলটোৰ খেলুৱৈ সকল হৈছে ভোমছা বড়ো, উত্তম বড়ো, ফিলাউ বড়ো, আশিক বড়ো, নেপলিয়ন দৈমাৰী, বিকী বাগলাৰী, প্ৰবাল খাখলাৰী, জুলিয়াচ বাগলাৰী, মাইকেল দৈমাৰী, ছনছৰং বাগলাৰী, ৰিলিউচ বসুমতাৰী, অভিজিৎ বসুমতাৰী, প্ৰমোদ দৈমাৰী, বিকাশ বড়ো, বিকাশ দৈমাৰী আৰু আৰ্নলদ মুচাহাৰী আনহাতে ২২ বছৰ অনুৰ্দ্ধৰ দলটোৰ বাবে নিৰ্বাচিত হোৱা খেলুৱৈ সকল হৈছে আকাশ দৈমাৰী, মিথিংগা বসুমতাৰী, ৰানচাই বসুমতাৰী, বনিফেচ বসুমতাৰী, ৰাজা বসুমতাৰী, ব্ৰনো খাখলাৰী, প্ৰাঞ্জল মুছাহাৰী, বাবিল দৈমাৰী, জেকচন বৰা, অজিত দৈমাৰী আৰু মৃগাংক বৰুৱা।  ধনেশ্বৰ বসুমতাৰী   দুয়োটা দলৰে প্ৰশিক্ষক হোৱাৰ লগতে আচিফ মুছাহাৰী হৈছে দল দুটাৰ মেনেজাৰ। ইয়াৰ উপৰি প্ৰতিযোগিতাখনৰ এথলেটিকচ বিভাগত হ’ব লগা ১০০ আৰু ২০০ মিটাৰৰ দৌৰত উইনিং দৈমাৰীয়ে অসমৰ পৰা একমাত্ৰ প্ৰতিযোগী হিচাপে ভাগ ল’ব। প্ৰাপ্ত তথ্য অনুসৰি ৪ৰ্থ সংখ্যক ‘ষ্টুডেণ্টচ অলিম্পিক নেচনেল গেমছ’ ল’ৰা-ছোৱালী উভয় শাখাতে  এথলেটিকচ, আৰ্চাৰী, ফুটবল, স্কেটিং আৰু ভলীবল আদি পাঁচটা বিভাগত অনুষ্ঠিত হ’ব।

Related News