৬ জুনত ৰাজভৱনলৈ প্ৰতিবাদী যাত্ৰা আছু-কৰ্মচাৰী পৰিষদৰ

23-11-15 Guwahati- AASU & Karmachari Parishad discussing about NRC

আছু-কৰ্মচাৰী পৰিষদৰ বৈঠক। ফাইল ফটো

ৰাজ্যখনত অবৈধ বাংলাদেশীক সংস্থাপিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’, বিদেশী সংশোধনী নিৰ্দেশ ২০১৫ আৰু পাছপ’ৰ্ট সংশোধনী নিয়ম ২০১৫ বাতিল কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে যৌথভাৱে অহা ৬ জুনত ৰাজভৱনলৈ যাত্ৰা কৰিব।

গুৱাহাটীৰ শ্বহীদ ভৱনৰ পৰা ৰাতিপুৱা ১১ বজাত আছু আৰু কৰ্মচাৰী পৰিষদৰ নেতৃবৰ্গই যৌথভাৱে এই যাত্ৰা কৰিব।

নাগৰিকত্ব বিধেয়কৰ লগতে আনুসংগিক নিৰ্দেশ আৰু নিয়ম বাতিলৰ দাবীকে ধৰি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে অসম চুক্তি কাৰ্যকৰী কৰিবলৈ সময় নিৰ্দ্ধাৰিত কাৰ্যসূচী ঘোষণা কৰা, অসম চুক্তিৰ আধাৰত অসমৰ খিলঞ্জীয়া লোকক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰা, যুদ্ধকালীন ক্ষিপ্ৰতাৰে ভাৰত-বাংলা সীমান্ত ছীল কৰা আৰু অসম চুক্তিৰ আধাৰত অবৈধ বাংলাদেশী বহিস্কাৰ কৰিবলৈ ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পাদন কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে যৌথভাৱে এই প্ৰতিবাদী যাত্ৰা কৰিব।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতা, সম্পাদক প্ৰধান ফকৰুদ্দিন আহমেদে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ যৌথ সভাৰ সিদ্ধান্ত প্ৰকাশ কৰি এটা বিবৃতি যোগে জানিবলৈ দিয়ে যে জাতিধ্বংসী বিধেয়ক, আনুসংগিক নিৰ্দেশ-নিয়ম বাতিল নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব।

তেওঁলোকে লগতে প্ৰকাশ কৰে যে অসম চুক্তিৰ ৰূপায়নেৰে জলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধান নোহোৱালৈকে সংগ্ৰাম চলি থাকিব।