NORTHEAST NOW (Assamese)

৮৯ বছৰ বয়সত দেহাৱসান দক্ষিণ কামৰূপ, গোৱালপাৰা জিলাৰ প্ৰথম সাংবাদিক খগেন বায়নৰ

May 25, 2018 10:33 pm · এন ই নাও নিউজ

দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাৰ প্ৰথম গৰাকী সাংবাদিক খগেন বায়নৰ  বাৰ্ধক্য জনিত কাৰণত আজি ২৫ মে’ৰ পুৱা নিজ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ৷

ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ হৈ হিন্দী-অসমীয়া এখন অভিধান প্ৰণয়ন কৰা বায়ন আন কেইবাখনো গ্ৰন্থৰো প্ৰণেতা আছিল।

সাংবাদিকগৰাকীৰ প্ৰতি সন্মান জনাই আজি বকো চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ তিনি ঘণ্টা বন্ধ ৰাখে। বৃহত্তৰ  বকো অঞ্চলৰ বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে প্ৰয়াত সাংবাদিকগৰাকীৰ বাসগৃহত উপস্থিত হৈ  শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জনায়।

সমাজ আৰু সাহিত্য ক্ষেত্ৰলৈ যোগোৱা অৱদানৰ স্বীকৃতি হিচাপে বায়নক ‘কামৰূপ ৰত্ন’ আৰু ‘ৰাষ্ট্ৰভাষা গৌৰৱ’ সন্মান প্ৰদান কৰা হৈছিল।

Related News