৮ বছৰত শ্বিলং অসামৰিক চিকিৎসালয়ত পঞ্জীয়ন ৮,৫০০ৰো অধিক কেঞ্চাৰ ৰোগী

Shillong-civil-hospital

মেঘালয় স্বাস্থ্য বিভাগে সদৰী কৰিছে এক ভয়ংকৰ তথ্য। ৰাজ্যখনৰ কেৱল শ্বিলং অসামৰিক চিকিৎসালয়তে ২০১০ চনৰ পৰা এতিয়ালৈ কেঞ্চাৰ বিভাগত মুঠ ৮৫৩০ গৰাকী ৰোগীৰ নাম পঞ্জীয়ন হৈছে। ইয়াৰে ৩০৪১ গৰাকী কেঞ্চাৰ ৰোগীয়ে ২০১২ চনৰ পৰা চলিত বছৰৰ মাৰ্চ মাহলৈ ৰেডিয়েশ্যন থেৰাপী গ্ৰহণ কৰিছে।

উল্লেখ্য যে ২০১৭ চনলৈকে পঞ্জীয়ন হোৱা কেঞ্চাৰ ৰোগীসকলৰ ভিতৰত ৫২৯১ গৰাকী পুৰুষ আৰু ৩০৪৭ গৰাকী মহিলা। আৰু ইয়াৰে ২০১২ চনৰ পৰা আজি পৰ্যন্ত ৰেডিয়েশ্যন থেৰাপী গ্ৰহণ কৰা ৰোগীৰ ভিতৰত ২০০২ গৰাকী পুৰুষ আৰু ১০৩৯ গৰাকী মহিলা।

সোমবাৰে বিধানসভাৰ অধিৱেশনত এই স্বাঞ্চল্যকৰ তথ্য সদৰী কৰিছে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী এ এল হেকে। পূব শ্বিলঙৰ কংগ্ৰেছ বিধায়ক এম্পাৰীন লিংড’ৱে কেঞ্চাৰ ৰোগত আক্ৰান্ত ৰোগীসকলক আৰ্থিক সহায় তথা চিকিৎসা প্ৰদান কৰাৰ ওপৰত চৰকাৰক বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে বিধানসভাৰ মজিয়াত এই প্ৰসংগতো উথ্থাপন কৰিছিল। আৰু ইয়াৰ উত্তৰতে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উক্ত তথ্য সদৰী কৰে।

ইয়াৰ উপৰি স্বাস্থ্য মন্ত্ৰী হেকে কেঞ্চাৰ ৰোগীসকলৰ সকলো ধৰণৰ সুবিধা তথা বিনামূলীয়াকৈ ঔষধ-পাতি শ্বিলং অসামৰিক চিকিৎসালয়ত যোগান ধৰা হৈছে বুলিও সদনৰ মজিয়াত উল্লেখ কৰে।

ৰাজ্যৰ চিকিৎসালয় সমূহৰ আসোঁৱাস সমূহ ইতিমধ্যে চিনাক্ত কৰা হৈছে, আৰু এই আসোঁৱাহ সমূহ দূৰ কৰাৰ লগতে স্বাস্থ্য খণ্ডৰ উন্নয়ন সাধন কৰাৰ বাবে আমি সমাজৰ সকলো শ্ৰেণীৰ লোকৰে পৰামৰ্শ লৈ কাম কৰাৰ প্ৰয়াস কৰিম বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

আনহাতে স্বাস্থ্য মন্ত্ৰী হেকে জনায় যে নতুনকৈ প্ৰৱৰ্তন হোৱা স্বাস্থ্য বিমা আঁচনি ‘মেঘা’ৰ জৰিয়তে ৰাজ্যখনৰ কেঞ্চাৰ ৰোগীসকলৰ উপৰি বহুতো লোক যথেষ্ট উপকৃত হ’ব।