• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৯০ গৰাকী বিশেষ গঁড় সুৰক্ষা বাহিনীৰ কনিষ্টবলক নিযুক্তি পত্ৰ বিতৰণ মুখ্য মন্ত্ৰীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 11, 2018 7:06 pm
11-07-18 Guwahati- cm appointment letters to newly recruited (1)
155
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গড়সমূহক চোৰাংচিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্যৰ বন বিভাগত নতুনকৈ সংযোজন হ’ল ৯০ গৰাকী বিশেষ গঁড় সুৰক্ষা বাহিনীৰ কনিষ্টবল।

আজি খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতৰ পৰা ৯০ গৰাকী যুৱক-যুৱতীয়ে বিশেষ গঁড় সুৰক্ষা বাহিনীৰ কনিষ্টবল পদৰ বাবে নিযুক্তি পত্ৰ গ্ৰহণ কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্য মন্ত্ৰীয়ে বন্য প্ৰাণী ৰক্ষাৰ স্বাৰ্থত আত্মবলিদান দিয়াসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সকলোকে ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বন্যপ্ৰাণীসমূহক সুৰক্ষা দিয়াৰ বাবে দায়বদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ হ’বলৈ আহ্বান জনায়।

গোলাঘাট, কাৰ্বিআংলং, নগাওঁ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ যুৱক-যুৱতীসকলক লৈ এই বিশেষ বাহিনী গঠন কৰা হৈছে বুলি জানিবলৈ দি তেওঁ কয় যে বনপ্ৰাণীসমূহৰ নিৰাপত্তা নিশ্চিত কৰাটোৱেই নৱ নিযুক্ত কনিষ্টবল কেইজনৰ মূল কৰ্তৱ্য হ’ব লাগিব।

উল্লেখযোগ্য যে ৯০গৰাকী কনিষ্টল আৰু আৰক্ষী বিভাগৰ প্ৰতিনিধিসহ মুঠ ১১২ গৰাকীক গঁড় সুৰক্ষাৰ দায়িত্বত নিয়োগ কৰা হৈছে।

আনহাতে, ভাষণ প্ৰসংগত কংগ্ৰেছৰ শাসনৰ তুলনাত বিজেপি চৰকাৰৰ কাৰ্য্যকালত গঁড় হত্যাৰ মাত্ৰা কমি যোৱা বুলি দাবী কৰি তেওঁ লগতে কয়, ‘কাজিৰঙাক আগুৰি থকা পাঁচখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধিক্ষক আৰু বন বিষয়াসকল সৈতে মত-বিনিময় কৰি এটা দল গঠন কৰি থৈ আহিছিলো। দলটোৱে নিষ্ঠাৰে কাম কৰাৰ বাবে তেতিয়াৰে পৰা চোৰাংচিকাৰীক প্ৰতিহত কৰিবৰ বাবে কাম কৰি আহিছো।’

উক্ত অনুষ্ঠানত উপস্থিত থকা কাজিৰঙাৰ বন বিভাগৰ সঞ্চালকক মুখ্য মন্ত্ৰীয়ে কাজিৰঙাৰ নিৰপত্তাৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীৰ মাজত এক শক্তিশালী চেতনা জগাই তুলিবলৈ আহ্বান জনায়।

তদুপৰি, জীৱ-জন্তুৱে বানপানী অথবা অন্যান্য প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত আশ্ৰয় ল’বৰ বাবে ৩১ টা হাইলেণ্ড নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দি তেওঁ লগতে কয়, ‘বিষয়াসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহৰ বিশেষত্ব বিলাক প্ৰত্যেকগৰাকী জোৱানক বুজাই দিব লাগিব যাতে যিকোনো দুৰ্গম পৰিস্থিতিৰ পৰা বন্যপ্ৰাণীসমূহক উদ্ধাৰ কৰাৰ বাবে পদক্ষেপ হাতত ল’ব পাৰে।’

কাৰ্য্যক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা নৱ নিযুক্ত কনিষ্টবলক পুৰস্কাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰি সোণোৱালে নৱ নিযুক্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ কনিষ্টবল কেইগৰাকীক উন্নত মানৰ সাজ-পোচাকৰ ব্যৱস্থা কৰিবৰ বাবে সংশ্লিষ্ট কতৃপক্ষক আহ্বান জনায়।

আজিৰ এই অনুষ্ঠানত ৰাজ্যিক বন মন্ত্ৰী নৱ কুমাৰ দলেকে মুখ্য কৰি মুখ্য বন সংৰক্ষক এন কে বাসু, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব আলোক কুমাৰ দেৱ উপস্থিত থাকে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd