• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৯২৩৬ শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী : আদেশ প্ৰত্যাহাৰৰ দাবী সন্মিলনীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2018 7:23 am
SiddharthaBhatta-570x320

শিক্ষক সন্মিলনীৰে শিক্ষামন্ত্ৰীৰ আলোচনাৰ ফাইল ফটো।

380
VIEWS
Share on FacebookShare on Twitter

শিক্ষা আয়ুক্তৰ কাৰ্যালয়ে যোৱা ১০ জুলাইত ই ডি এন (এল চি) ২৭/ ২০১৬/ ১৫০ পি টি ২/৩৮-এ নম্বৰৰ এক নিৰ্দেশ যোগে ৰাজ্যখনৰ বিভিন্ন জিলাত কৰ্মৰত ৯২৩৬ গৰাকী শিক্ষকলৈ তেওঁলোকক চাকৰিৰ পৰা কিয় বৰ্খাস্ত কৰা নহ’ব তাৰ কাৰণ দৰ্শোৱাৰ জাননী প্ৰতিজন শিক্ষকক প্ৰদান কৰিবলৈ শিক্ষা সঞ্চালকালয়ক আদেশ দিয়ে। এই কাৰ্যত ৰাজ্যখনৰ শিক্ষকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই আদেশ শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবী তুলিছে। সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰা আৰু সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে শুকুৰবাৰে এক বিবৃতি যোগে কয় যে শিক্ষকসকলে নিজৰ নিযুক্তি পত্ৰ নিজেই বনাই লোৱা নাই, বিধিগত প্ৰক্ৰিয়াৰে বিভাগে নিযুক্তিৰ ব্যৱস্থা কৰে। এনে প্ৰক্ৰিয়াত হোৱা ত্ৰুটি- বিচ্যুতিৰ কোনো তথ্য নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলৰ হাতত নাথাকে। সেয়েহে বিভাগীয় কৰ্মচাৰীয়ে দিবলগীয়া উত্তৰ শিক্ষকৰ পৰা বিচৰাটো অযুক্তিকৰ।

বিবৃতিটোত লগতে কোৱা হৈছে যে সন্মিলনীয়ে দীৰ্ঘদিন ধৰি বেতন বঞ্চিত শিক্ষকসকলক তেওঁলোকৰ প্ৰাপ্য আদায় দিয়াৰ দাবী উত্থাপন কৰি আহিছে। চৰকাৰে এই শিক্ষকসকলৰ জৰিয়তেই ভোটাৰ তালিকা, লোকপিয়ল, এন আৰ চিৰ কাম সম্পাদন কৰাৰ উপৰি নিৰ্বাচনী দায়িত্বও অৰ্পণ কৰি আহিছে। এই শিক্ষকসকলৰ বেছিভাগৰে চাৰ্ভিছ বুক থকাৰ লগতে বিভাগীয় প্ৰশিক্ষণ, জি পি এফ আছে। তেওঁলোকে নিয়মীয়াকৈ বহুদিন দৰমহাও লাভ কৰিছিল।

সন্মিলনীয়ে আক্ষেপ প্ৰকাশ কৰে যে বিগত ২৮ বছৰ ধৰি এই শিক্ষকসকলৰ নথি পৰীক্ষণৰ নামত হাৰাশাস্তি কৰি অহা হৈছে। শেহতীয়াভাৱে আদালতেও শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণৰ বাবে দায়িত্ব প্ৰদান কৰিছিল।

যোৱা ১৯ জুন তাৰিখে শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ উপস্থিতিত সন্মিলনী আৰু শিক্ষামন্ত্ৰীৰ আলোচনাত বেতন বঞ্চিত শিক্ষকসকলৰ সমস্যাটো আদালতৰ সিদ্ধান্তৰ পিছতে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল। তাৰপিছত সমাধানৰ পথ উলিওৱাৰ পৰিৱৰ্তে ভুক্তভোগী শিক্ষকসকলক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাটো ৰহস্যজনক বুলি অভিহিত কৰিছে শিক্ষক সন্মিলনীয়ে।

শিক্ষক সন্মিলনীয়ে উক্ত আদেশ বাতিল কৰি বিষয়টো সচিবালয় পৰ্যায়তে মানবীয় দৃষ্টিভংগীৰে সিদ্ধান্ত গ্ৰহণ কৰি সন্মাজনকভাৱে সমাধান কৰাৰ দাবী জনাইছে। সন্মিলনীয়ে উক্ত আদেশ বাতিল নকৰিলে প্ৰয়োজনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও বিবৃতিটোত সকীয়াই দিছে।

 

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd