৯ মাহে দৰমহাহীন উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ দুই সহস্ৰাধিক কৰ্মচাৰী 

Press Conferance by NCHACEA

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ দুই হেজাৰৰ অধিক কৰ্মচাৰীয়ে যোৱা ন’মাহ ধৰি দৰমহা লাভ কৰা নাই। কিন্তু বিজেপি শাসিত স্বায়ত্ত পৰিষদে ওপৰোক্ত সেইসকলৰ  বাকী থকা দৰমহা মোকলাই দিয়াৰ কাৰণে আজিকোপতি কোনো ব্যৱস্থা গ্রহণ কৰা নাই।

শুকুৰবাৰে হাফলঙত এখন সংবাদমেল পাতি  তেওঁলোকৰ সমস্যাৰ কথা দাঙি ধৰে কৰ্মচাৰী সংস্থাৰ কৰ্মকৰ্তা সকলে।

উল্লেখ্য যে দৰমহা আদায় দিয়াৰ বাবে বিগত প্ৰায় এক বছৰ ধৰি আন্দোলন চলি আছে। এই আন্দোলনৰ বাবেই  কৰ্মচাৰী সংস্থাৰ পাঁচগৰাকী নেতাক  চাকৰিৰ পৰা নিলম্বিত কৰা হৈছিল আৰু আজিও পৰিষদে তেওঁলোকৰ নিলম্বন প্ৰত্যাহাৰ কৰা নাই। ইতিমধ্যে ন্যায় বিচাৰি কৰ্মচাৰী সংস্থাৰ নেতাসকল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত আদালতে পৰিষদক নিলম্বন প্ৰত্যাহাৰ কৰাৰ কাৰণে নিৰ্দেশ দিছে যদিও কিন্তু পৰিষদে সেই নির্দেশ অমান্য কৰিছে। কৰ্মচাৰী সংস্থাৰ উপ সভাপতি জয়ৰাজ থাউচেনে স্বায়ত্ত শাসিত পৰিষদ কৰ্তৃপক্ষক অনুৰোধ কৰিছে যাতে নিলম্বনটো প্ৰত্যাহাৰ কৰা হয়।

উল্লেখনীয় যে বন বিভাগৰ ৱেষ্ট ডিভিছনৰ কাৰ্যালয়ত চৰকাৰী কাম-কাজত বাধা দিয়াৰ অভিযোগত কৰ্মচাৰী সংস্থাৰ একাধিক নেতাক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছিল।

ইপিনে আজি হাফলঙত সংবাদ মেলত জয়ৰাজ থাউচেনে কয় যে তেতিয়া তথ্য জানাৰ অধিকাৰ আইনৰ জৰিয়তে বন বিভাগৰ ৰাজহ সংক্ৰান্ত দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পাছত পৰিষদৰ চিইএম ইএমে বন বিভাগৰ ৰাজহৰ কাৰণে তেওঁলোকক আগুৱাই যোৱাৰ বাবে প্ৰত্যক্ষ ভাবে কৈছিল। কিন্তু পাছত তেওঁলোকক চাকৰিৰ পৰা নিলম্বিত কৰা হয় বুলি অভিযোগ কৰে।

আকৌ দেওবাৰে পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিবস উদযাপিত হব।

ইতিমধ্যে প্ৰতিষ্ঠা দিবসৰ প্ৰস্তুতি তুংগত উঠিছে। দিচপুৰৰ পৰা মন্ত্ৰী ভিভিআইপি সকল অহাৰ কথা। মন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাও অহাৰ কথা। কিন্তু দৰমহা লৈ পৰিষদ কতৃপক্ষ নিমাত থকাত ক্ষোভ ব্যক্ত কৰে কৰ্মচাৰী সংস্থাই।

কৰ্মচাৰী সংস্থাৰ জনসংযোগ সচিব বৰ্ণিল জহৰীয়ে অভিযোগ কৰে যে ৰাজ্য চৰকাৰে দৰমহাৰ কাৰনে মাৰ্চ মাহত ২৫ কোটি টকা পৰিষদক মোকলাই দিলেও মাথো দুই মাহৰ দৰমহা প্ৰদান কৰে পৰিষদে। য’ত ব্যয় হয় বাৰ কোটি টকা।

আনহাতে জহৰীয়ে অলপতে হাফলং ভ্ৰমণ কৰি যোৱা ৰাজ্যপাল জগদীশ মুখিৰ আচৰণত আচৰিত হয়। কাৰণ ৰাজ্যপালে দৰমহা সমস্যাৰ বিষয়ে অবগত কৰা হলেও ষষ্ঠ অনুসূচিৰ মুৰব্বী হিচাবে তেওঁ কয় যে দৰমহাৰ বিষয়ে মই নেজানো।

কৰ্মচাৰী সংস্থাৰ সভাপতি প্ৰসন্ন হাস্নুয়ে কয় যে দৰমহাৰ সমস্যা অকল কৰ্মচাৰীৰ সমস্যা নহয়। গোটেই জিলাৰ সমস্যা। সেই কাৰণে জিলাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সহায় সহযোগিতা কামনা কৰে।