NORTHEAST NOW (Assamese)

ৰংজুলিত ১৮ কিঃ মিঃ খেদি জব্দ চোৰাং কাঠ সৰবৰাহ কৰা গাড়ী, বন বিভাগৰ শূন্যলৈ গুলী

June 28, 2018 11:11 am · নীলমণি শৰ্মা
বন বিভাগে জব্দ কৰা গাড়ীখন

গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলত দীৰ্ঘদিনৰ পৰা চলি থকা চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগে আজি পুনৰ এক অভিযান চলায়।

ৰংজুলিৰ আঞ্চলিক বন বিষয়া বলেন কুমাৰ দাসৰ নেতৃত্বত চলোৱা অভিযানত বন বিভাগৰ এটা দলে ১৮ কিঃ মিঃ খেদি খেদি কাঠসহ এখন টাটা ডি আই গাড়ী জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে  আজি পুৱতি নিশালৈ চলা এই অভিযানত  কাঠ সৰবৰাহ কৰা গাড়ীখন ৰখাবলৈ বন বিভাগে দুবাৰকৈ শূন্যলৈ গুলীচালনা কৰে।

আনহাতে খেদি যোৱা সময়ত চোৰাং ব্যৱসায়ী সকলে গাড়ীত থকা গছৰ কুণ্ডা সমূহ পেলাই বন বিভাগক বাধা দিবলৈ চেষ্টা কৰিছিল যদিও অৱশেষত কোঠাকুঠিৰ পৰা খেদি খেদি ৰংজুলি বানীয়াপাৰা হৈ নাগবাৰী পাহাৰৰ কাষত বন বিভাগে গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছত অৱশিষ্ট কাঠসহ গাড়ীখনক আজি পুৱতি নিশা ৰংজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ অনা হয়। জব্দকৃত গাড়ীখনৰ পঞ্জীয়ন নম্বৰটো ঘহি ঘহি অস্পষ্ট কৰি থোৱা আছে৷

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ২৫ জুনতো ৰংজুলি আঞ্চলিক বন বিষয়া বলেন কুমাৰ দাসৰ নেতৃত্বত বন বিভাগে মাটিয়া আৰক্ষীৰ সহযোগত অভিযান চলাই শিমলীতোলাৰ ভাটিপাৰাৰ পৰা কাঠসহ অবৈধ কাঠফলা মিল জব্দ কৰিছিল।

Related News