ৰকিবুল হুছেইনৰ বিৰুদ্ধে তৰা গোচৰৰ শুনানি: পিঠিৰ বিষৰ দোহাই দি আদালতত অনুপস্থিত অনিল ৰাজা

ATTACHMENT

পূৰ্বৰ দৰে এইবাৰো প্ৰাক্তন মন্ত্ৰী তথা একালৰ সতীৰ্থ ৰকিবুল হুছেইনৰ বিৰুদ্ধে তৰা গোচৰৰ শুনানিত স্বাস্থ্যজনিত সমস্যাৰ দোহাই দি আদালতত উপস্থিত নাথাকিল নিলম্বিত কংগ্ৰেছী অনিল ৰাজা।

উল্লেখযোগ্য যে অনিল ৰাজাৰ  অধিবক্তাই আজিৰ দিনটো শুনানিৰ বাবে বিচাৰিছিল। কিন্তু তথাপি তেওঁ আজি শুনানিত উপস্থিত নথকা বিষয়টোৱে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

আনহাতে এই সন্দৰ্ভত ৰকিবুল হুছেইনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়— ‘অনিল ৰাজাই মোৰ বিৰূদ্ধে যিবিলাক অভিযোগ উত্থাপন কৰিছিল সেইবিলাক সঁচা বুলি প্ৰমাণ কৰাৰ বাবে এটা সুযোগ পাইছিল। তাৰ পাছতো তেওঁ আগৰ বাৰতো হাই ডাইবেটিচ এইবাৰ আকৌ পিঠিৰ বিষৰ দাোহাই দি আদালতত উপস্থিত নহ’ল। গতিকে কথাবোৰ ৰাইজে দেখি আছে’।

তেওঁ লগতে কয়— ‘অনিল ৰাজাই যিদিনা হাই ডাইবেটিচ বুলি আদালতত হাজিৰ হোৱা নাছিল তাৰ পিছদিনাই তেওঁ মিটিঙে মিটিঙে ঘূৰি ফুৰিছিল’।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অনিল ৰাজাই ৰকিবুল হুছেইনৰ বিৰূদ্ধে নিৰ্বাচন আয়োগত ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ জমা দিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁৰ বিধায়ক পদ খাৰিজ কৰিবলৈ নিৰ্বাচন আয়োগক আবেদন জনোৱাৰ পাছত ইয়াক প্ৰত্যাহ্বান জনায় প্ৰাক্তন মন্ত্ৰী হুছেইনে।

ৰকিবুল হুছেইনৰ এজন শুভাকাংক্ষীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰটিআইযোগে শিক্ষাগত অৰ্হতাৰ তথ্য লাভ কৰে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে শিক্ষাগত অৰ্হতাৰ অভিযোগ প্ৰমাণ কৰিব পাৰিলে ৰকিবুল হুছেইনক ৰাজহুৱা জীৱন ত্যাগ কৰাৰ প্ৰত্যাহ্বান জনাইছিল।

ইপিনে আজি অসুস্থতাৰ হেতু ৰাজা শুনানিত উপস্থিত থাকিব নোৱৰাৰ আদালতে তেওঁক অহা ৪ জুলাইত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে।