NORTHEAST NOW (Assamese)

ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ

May 12, 2018 6:13 pm · এন ই নাও নিউজ

সমগ্ৰ ৰাজ্যতে বিভিন্ন দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত প্ৰতিবাদ কৰি থকাৰ সময়তে আজি ৰঙিয়াতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ৰঙিয়াৰ কৃষক ভৱনত বিভিন্ন দল-সংগঠনৰ লগতে কেইবা সহস্ৰাধিক ৰাইজ উপস্থিত হৈ ‘ৰণদিয়া ৰঙিয়া’ৰ উদ্যোগত নগৰখনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে এক বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হয়।

সমদলটোত প্ৰতিবাদকাৰীসকলে ‘নাগৰিক সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰক, জাতিধ্বংস কৰিব খোজা সিদ্ধান্ত প্ৰত্যাহাৰ কৰক, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰৱতা ভংগ কৰক, বাংলাদেশীক সংস্থাপিত কৰিবলৈ দিয়া নহ’ব, অসম বাংলাদেশীৰ চৰণীয়া পথাৰ হ’বলৈ দিয়া নহ’ব’ প্ৰতিবাদী ধ্বনিৰে ৰঙিয়াৰ ৰাজপথ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী সকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে সমদলৰ অন্তত দণ্ডাধীশৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰদান কৰে।

Related News