• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ খিলঞ্জীয়া আৰু অধিক শক্তি দেখুৱাবলৈ সাজু আছে : নেছ’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 12, 2018 6:10 pm
NESO_Oppose

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত নেছ'ৰ প্ৰতিবাদ। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আমি যুক্তি দিলো, সংখ্যাও দিলো, অসমীয়া মানুহে আৰু অধিক শক্তি দেখুৱাবলৈ প্ৰস্তুত। উত্তৰ-পূবৰ ৮খন ৰাজ্যতে আমাৰ শক্তি আছে।” নাগৰিকত্ব সংশোধনী বিধেয়কৰ ঐক্যবদ্ধ বিৰোধিতাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ আঠটা প্ৰধান ছাত্ৰ সংগঠনৰ প্ৰতিনিধিত্বমূলক সংগঠন নেছ’ৰ দ্বাৰা দীঘলীপুখুৰীৰ পাৰত ১২ মে’ত আয়োজিত প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমৰ সন্মুখত এইদৰে মন্তব্য কৰে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-ৰ বাতিলৰ দাবীৰে উত্তৰ পূবৰ আটাইকেইটা প্ৰধান ছাত্ৰ সংগঠনে তেওঁলোকৰ বেনাৰ সংগঠন নেছ’ৰ মঞ্চৰ পৰা ঐক্যবদ্ধ প্ৰতিবাদী কাৰ্য্যসূচী চলাই নিয়াৰ সংকল্প লৈছে। সদৌ অসম ছাত্ৰ সন্থা, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা, গাৰো ছাত্ৰ সন্থা, খাচি ছাত্ৰ সন্থা, নাগা ছাত্ৰ ফেডাৰেইশ্যন, সদৌ মণিপুৰ ছাত্ৰ সন্থা, তিপৰা ষ্টুডেণ্টছ ফেডাৰেইশ্যন আৰু মিজো জিৰলাই প’লে আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীটোত অংশগ্ৰহণ কৰে।

Apply Now

কেন্দ্ৰীয় চৰকাৰে এই নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ তোলে।

১২ মে’ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গুৱাহাটীত নেছ’ৰ প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ তিপৰা ষ্টুডেণ্টছ ফেডাৰেইশ্যন। ফটো : য়ু বি।

তেওঁ কয়, “স্বাধীনতাৰ পিছৰ পৰা কেন্দ্ৰই অসমক কেৱল ৰাজনৈতিক অবিচাৰ আৰু শোষণৰ সোৱাদহে দিছে। দেশ বিভাজনৰ সময়ত আমাক পাকিস্তানক গতাই দিব বিচাৰিছিল, চীনা আগ্ৰাসনৰ সময়ত আমাক বাই বাই দিছিল।”

আনহাতে, ১৯৪৯  চনত ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে অসমত শৰণাৰ্থী ৰাখিবৰ বাবে মাটি বিচৰাত গোপীনাথ বৰদলৈ অমান্তি হৈছিল বুলি ভট্টাচাৰ্য্যই উল্লেখ কৰি কয় যে এতিয়াও নৰেন্দ্ৰ মোদীয়ে হিন্দু বাংলাদেশী সংস্থাপন কৰিব বিচৰাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিদিওঁ বুলি কোৱাৰ সাহসকণ দেখুৱাব লাগে। যেনেদৰে মেঘালয়ৰ মুখ্য মন্ত্ৰীয়ে পোনচাতেই সংস্থাপন নিদিওঁ বুলি ঘোষণা কৰিলে।

আছুৰ নেতাজনে উত্তৰ-পূবৰ সকলো মুখ্য মন্ত্ৰীকে মেঘালয়ৰ মুখ্য মন্ত্ৰীৰ পদাংক অনুসৰণ কৰি এক সিদ্ধান্তত উপনীত হ’বৰ বাবে আহ্বান জনায়।

আনহাতে, প্ৰতিবাদত অংশগ্ৰহণ কৰা আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক জাতিবিৰোধী আখ্যা দি সংবাদ মাধ্যমত কয়, “আমি পূৰ্বৰে পৰা কৈ আহিছো, ১৯৭১ চনলৈকে বিদেশীৰ বোজা ল’লো যদিও এতিয়া আৰু বোজা ল’ব নোৱাৰো। কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ অংশ বুলি নাভাবে নেকি? খিলঞ্জীয়াৰ পৰা ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ যোৱাৰ উদাহৰণ ওলাইছে।  উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়াৰ অস্তিত্ব নাশ হ’ব বুলি জানিও কেন্দ্ৰই লোৱা এনেবোৰ সিদ্ধান্তই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি কেন্দ্ৰ কিমান দায়বদ্ধ তাকে পুনৰ প্ৰতীয়মান কৰিলে। সেয়েহে আজি আমি উত্তৰ-পূবৰ ছাত্ৰ সংগঠনে ঐক্যবদ্ধভাবে সকীয়াই দিব খুজিছো কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক ইয়াত জাপি দিব নোৱাৰিব।”

১২ মে’ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গুৱাহাটীত নেছ’ই লোৱা বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত অখিল গগৈ। ফটো : য়ু বি।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণক লৈ লুৰিণজ্যোতি জানিবলৈ দিয়ে যে তেওঁলোকে দাবী কৰিছে যে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে যদিও সমগ্ৰ উত্তৰ-পূবত সুকীয়া সুকীয়া প্ৰণালীৰ আধাৰত নাগৰিকপঞ্জীৰ কাম আৰম্ভ হ’ব লাগে। লগতে নেতাজনে প্ৰতিবাদস্থলীৰ পৰাই পুনৰবাৰ উত্তৰ-পূৰ্বাঞ্চলত এক সুকীয়া সাংবিধানিক সুৰক্ষা কৱচৰ ব্যৱস্থা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী তোলে।

আনহাতে প্ৰতিবাদী সভাখনৰ উদ্যোক্তা হিচাপে উপস্থিত থকা নেছ’ৰ অধ্যক্ষ চেমুৱেল জেৰুৱাই তেওঁৰ ভাষণ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি চুবুৰীয়া দেশৰ পৰা হিন্দু শৰণাৰ্থী আনি সংস্থাপন কৰিব বিচৰা কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে এই কাৰ্য্য কেতিয়াও মানি নলয় বুলি কয়। চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা নাগৰিক আহিলে সেয়া কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা-সংস্কৃতিৰ লগতে অস্তিত্বৰ প্ৰতি ভাবুকি আহিব বুলিও চেমুৱেলে ভাষণত উল্লেখ কৰে।

মন কৰিব লগীয়া কথা যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ কাৰ্য্যসূচীটোত উপস্থিত হৈ আছুৰ নেতৃবৰ্গৰ সৈতে কিছুসময় মত-বিনিময় কৰাৰ লগতে নেছ’ই গ্ৰহণ কৰা পদক্ষেপক শুভেচ্ছা জনায়।

উক্ত প্ৰতিবাদত আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈ, নেছ’ৰ অধ্যক্ষ ছেমুৱেল জেৰুৱা, সাধাৰণ সম্পাদক চিমানৰ লগতে আঠোটা সংগঠনৰ শতাধিক প্ৰতিনিধি উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd