NORTHEAST NOW (Assamese)

ৰঙিয়াত বৃদ্ধি পোৱা ডকাইতি কাণ্ডৰ প্ৰতিবাদত ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ

April 28, 2018 7:17 pm · এন ই নাও নিউজ
Updated: April 28, 2018 8:51 pm

কামৰূপৰ ৰঙিয়াত শনিবাৰে স্থানীয় ব্যৱসায়ীসকলে ৰঙিয়াত দৈনন্দিন ঘটি থকা ডকাইতি কাণ্ড ৰোধ কৰা আৰু সাধাৰণ ৰাইজৰ জীৱন সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰাৰ দাবীত ৰঙিয়া চেম্বাৰ্ছ অব কমাৰ্চৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

স্থানীয় ৰাইজ তথা স্থানীয় ব্যৱসায়ী সকলে তেওঁলোকৰ নিৰাপত্তা নোহোৱা তথা তেওঁলোকৰ সম্পত্তিৰ নিৰাপত্তা নোহোৱা বুলি অভিযোগ উত্থাপন কৰি প্ৰশাসনে তেওঁলোকক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হোৱা বুলি দাবী উত্থাপন কৰে।

উল্লেখযোগ্য যে কামৰূপ জিলা আছুৰ অধীনৰ পুঠিমাৰি আঞ্চলিক সমিতিৰ সভাপতি মজিবুৰ ৰহমানক বৃহস্পতিবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ হাতৰ পৰা ধন আৰু তেওঁৰ হাতত থকা এটা বেগ লুটি নিয়াৰ পিছতে আজি স্থানীয় ব্যৱসায়ী সকলে এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়।

প্ৰাপ্ত তথ্য মতে ৰঙিয়া ব্যৱসায়ী সন্থাৰ সম্পাদক তথা প্ৰাক্তন আছু নেতা মজিবুৰ ৰহমানে বৃহস্পতিবাৰে নিশা প্ৰায় ৯ মান বজাত ৰঙিয়া চহৰৰ দোকান বন্ধ কৰি নিজৰ ঘৰলৈ আহি থকা অৱস্থাত চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে তেওঁক আগভেটি ধৰে। ইয়াৰ পিছতে দুৰ্বৃত্তৰ দলটোৱে তেওঁৰ হাতত থকা বেগটো কাঢ়ি নিয়াৰ চেষ্টা কৰাত ৰহমানে দুৰ্বৃত্ত কেইটাৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয়।

অৱশ্যে ৰহমানে দুৰ্বৃত্তকেইটাক বাধা প্ৰদান কৰাত ব্যৰ্থ হয়, কিয়নো দুৰ্বৃত্তকেইটাৰ মাজৰে এজনে তেওঁক পিষ্টল দেখুৱাই ভাবুকি প্ৰদান কৰি তেওঁৰ হাতৰ বেগ লৈ উধাও হয়।

তাৰোপৰি আজি কেইবাদিনো ধৰি অঞ্চলটোত কেইবাটাও ডকাইতিৰ ঘটনা ঘটি আহিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।

Related News