DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই চি এম আৰৰ অধ্যয়নে চিনাক্ত কৰিলে দিখৌমুখত ত্ৰাসৰ সৃষ্টি কৰা অচিনাকি মাখি

অনন্ত স্মিথ by অনন্ত স্মিথ
April 28, 2018 7:21 pm
DeerFly
122
VIEWS
Share on FacebookShare on Twitter

আজি কিছুদিনৰ পৰা এবিধ অচিনাক্ত মাখিৰ উপদ্ৰৱত দিখৌমুখবাসীৰ মাজত এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি হৈছিল। কেৱল মানুহেই নহয় জীৱ-জন্তুকো এই মাখিবিধে আক্ৰমণ কৰি হাৰাশাস্তি কৰিছিল। মাখিবিধৰ বৈশিষ্ট্য আছিল যে ই কামোৰাৰ পাছতেই ফুলি উঠি প্ৰচণ্ড খজুৱতিৰ সৃষ্টি হয়। ফলত অচিনাক্ত মাখিবিধক লৈ শংকিত হৈ পৰিছিল দিখৌমুখবাসী।

প্ৰাপ্ত খবৰ অনুসৰি এই মাখি বিধ সম্পৰ্কত অধ্যয়ন কৰিবলৈ আই চি এম আৰ (The Indian Council of Medical Research)ৰ এটা দল কিছু দিনৰ পূৰ্বে দিখৌমুখত উপস্থিত হৈছিল। বিশেষজ্ঞৰ দলটোৱেও চিনাক্ত কৰিব নোৱৰা মাখিবিধৰ অৱশেষত নমুনা সংগ্ৰহ কৰি নিয়াৰ লগতে ভাৰতীয় উপমহাদেশত উক্ত মাখিবিধ পোৱা নাযায় বুলি জানিবলৈ দিছিল দলটোৱে।

দিখৌমুখত আতংকৰ সৃষ্টি কৰা এই অচিনাক্ত মাখিবিধৰ গৱেষণাৰ প্ৰতিবেদন আজি শিৱসাগৰ জিলা স্বাস্থ্য বিভাগলৈ প্ৰেৰণ কৰে আই চি এম আৰৰ দলটোৱে৷ আই চি এম আৰৰ ডিব্ৰুগড়স্থিত পূৰ্বাঞ্চলীয় কাৰ্যালয়ৰ বিজ্ঞানী তথা উপ-সঞ্চালক ড০ দীপাংকৰ বিশ্বাসৰ নেতৃত্বত নমুনা সংগ্ৰহ কৰি নিয়া চাৰিজনীয়া বিজ্ঞানীৰ  দলটোৱে চিনাক্ত কৰিব নোৱৰা উক্ত মাখিটো গৱেষণাৰ অন্তত এবিধ ‘ডিয়েৰ ফ্লাই’ অৰ্থাৎ এবিধ বিশেষ প্ৰজাতিৰ ডাঁহ বুলি চিনাক্ত কৰিছে।

গৱেষণাৰ প্ৰতি প্ৰতিবেদনত লগতে এইবিধ বিশেষ প্ৰজাতিৰ ডাঁহৰ দংশনৰ পৰা কোনো দীৰ্ঘম্যাদী জটিল ৰোগ নহয় আৰু সেয়েহে ইয়াৰ পৰা শংকাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰিছে৷

কিন্তু শংকাৰ কাৰণ নাথাকিলেও এইবিধ ডাঁহে জীৱ-জন্তুকো সততে দংশন কৰে বাবে জন্তুৰ দেহত উদ্ভৱ হোৱা যিকোনো অসুখ মানৱ দেহলৈ সংক্ৰমিত কৰিব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷

মন কৰিব লগীয়া যে পূৰ্বে এইবিধ বিশেষ প্ৰজাতিৰ ডাঁহ দিখৌমুখত দেখা পোৱা নগৈছিল৷

আনহাতে সংশ্লিষ্ট গৱেষণাকেন্দ্ৰৰ মুখ্য সঞ্চালক ড০ প্ৰফুল্ল দত্তই বহুদিনীয়া বন্ধ হৈ পানী অথৱা মৰা সুঁতিত এইবিধ ডাঁহে কণী পাৰি বংশবৃদ্ধি কৰে বুলি জানিবলৈ দিছে৷ ‎এই ক্ষেত্ৰত দিখৌমুখত থকা মৰি দিখৌখন এই  মাখিবিধৰ বংশবৃদ্ধিৰ উৰ্বৰ ঠাই হোৱাটো নিশ্চিত৷ জিলা স্বাস্থ্য যুটীয়া সঞ্চালক ডাঃ ৰিপুণ বৰপূজাৰীয়েও দিখৌমুখৰ মৰিদিখৌখন চাফা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ প্ৰণিধানযোগ্য এই এইবিধ বিশেষ প্ৰজাতিৰ ডাঁহ অৰুণাচল আৰু কৰিমগঞ্জত দেখা পোৱা বুলি আই চি এম আৰৰ সূত্ৰটোৱে জনোৱাৰ বিপৰীতে জিলা স্বাস্থ্য বিভাগে আমেৰিকা যুক্তৰাষ্টৰ কিছু কিছু ঠাইতহে এইবিধ পতংগ দেখা পোৱা গৈছিল বুলি জনাইছে৷

তুৰস্কত ডাঁহবিধৰ দ্বাৰা সংক্ৰমিত ‘টিউলাৰেমিয়া’ (tularemia) নামৰ  এক মহামাৰী স্বৰূপ ৰোগ সৃষ্টি হৈছিল বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই জানিবলৈ দিছে৷ অৱশ্যে অসমত এইবিধ অসুখ বৰ্তমানলৈ দেখা হোৱা নাই বুলি জানিবলৈ দিয়ে। তথাপি স্বাস্থ্য বিভাগে ডাঁহবিধৰ পৰা হাত সাৰি থাকিবলৈ ডাঁহবিধৰ প্ৰাদুৰ্ভাব হোৱা ঠাইত সম্পূৰ্ণ দেহ আৱৰা পোচাক পৰিধান কৰিবলৈ আহ্বান জনাইছে। লগতে আঠুৱা ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিছে৷

Recent News

ULFA-I commander killed in encounter

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)-আৰক্ষীৰ সংঘৰ্ষ: আলফা কামাণ্ডাৰ উদয় অসম নিহত

cow hug day

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

labourers killed while cleaning oil tank

মৰ্মান্তিক! কাৰখানাত তেলৰ টেংকি চাফা কৰি থকা অৱস্থাতে সাত শ্ৰমিকৰ মৃত্যু

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd