NORTHEAST NOW (Assamese)

ৰঙিয়াৰ এপ’ল মিল ব্যক্তিগত খণ্ডক গতোৱাৰ প্ৰস্তুতিত হতাশ কৰ্মচাৰী

June 22, 2018 7:21 am · এন ই নাও নিউজ

ৰাজ্য চৰকাৰে ৰঙিয়াৰ তুলসীবাৰীত অৱস্থিত এপ’ল মিলটো সম্পৰ্কত শেহতীয়াভাৱে গ্ৰহণ কৰা সিদ্ধান্তই মিলটোৰ কৰ্মচাৰীসকলক হতাশ কৰি তুলিছে। জানিব পৰা মতে অসম চৰকাৰে ৰঙিয়াৰ এপ’ল উদ্যোগটো ব্যক্তিগত খণ্ডক গতাব বিচাৰিছে।

অসম চৰকাৰৰ সমবায় বিভাগৰ পঞ্জীয়কে এই সন্দৰ্ভত দৈনিক কাকতত বিজ্ঞাপন প্ৰকাশ কৰি মিলটো চলাবৰ বাবে পাৰ্টনাৰ বিচাৰিছে। বৃহস্পতিবাৰে দৈনিক কাকতত প্ৰকাশ পোৱা বিজ্ঞাপনটোত কোৱা হৈছে যে মিলটোৱে ২০১৩-১৪ বৰ্ষৰ পৰাই লাভৰ মুখ দেখা নাই। ইয়াৰ ফলত ২০১৬ চনৰ ডিচেম্বৰত মিলটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

বৰ্তমান ৰাজ্য চৰকাৰে মিলটো পুনৰ মুকলি কৰি কাৰ্যক্ষম কৰি তোলাৰ বাবে ১০.১১ কোটি টকাৰ আৰ্থিক সাহায্য মুকলি কৰি দিছে। কিন্তু চৰকাৰে ইয়াৰ স্থায়িত্ব আৰ্থিক স্বাৱলম্বিতাৰ প্ৰতি লক্ষ্য ৰাখি মিলটো চলোৱাৰ বাবে ব্যক্তিগত খণ্ডৰ উপযুক্ত অৰ্হতাসম্পন্ন আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ সহায় বিচাৰিছে।

ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে চৰকাৰে এই মিলটোৰ দায়িত্ব ল’ব খোজা নাই আৰু ইয়াক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিব বিচাৰিছে।

চৰকাৰৰ এনে সিদ্ধান্তই ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মিলটো পুনৰুজ্জীৱিত কৰাৰ বাবে ৰাজ্য চৰকাৰে অলপতে ১০ কোটি টকা মোকলাই দিয়াৰ পিছত ৰঙিয়াত যি আশাৰ সঞ্চাৰ হৈছিল তাত কম দিনৰ ভিতৰতেই চেঁচা পানী পৰাৰ উপক্ৰম হৈছে।

ব্যক্তিগত খণ্ডৰ হাতলৈ গ’লে মিলটোৰ কৰ্মচাৰীসকলে পুনৰ অসুৰক্ষিত হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে। ৰাজ্য চৰকাৰৰ এনে প্ৰচেষ্টাই মিলটোৰ কৰ্মচাৰীসকলক হতাশ কৰি তুলিছে।

ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰঙিয়া ব্লক কংগ্ৰেছ কমিটিয়ে মিলটো কোনো ক্ষেত্ৰতে যাতে ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া নহয় তাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে।

Related News