ৰঙিয়া-লতিবাৰী গড়কাপ্টানি পথ মেৰামতিৰ দাবীত এ বি এম ছুৰ পথ অৱৰোধ

কামৰূপ জিলা আৰু বাক্সা জিলাৰ সংযোগী পথ ৰঙিয়া-লতিবাৰী গড়কাপ্তানি পথটো নিৰ্মাণৰ দাবীত আজি সদৌ বিটিচি সংখ্যা লঘু ছাত্ৰ সন্থা এবিএমছুয়ে স্থানীয় ৰাইজৰ সহযোগত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত জৰাজীৰ্ণ পথটো অৱৰোধ কৰি প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন বেনাৰ, প্লে-কাৰ্ড লৈ ‘গড়কাপ্তানি বিভাগ হায় হায়, অসম চৰকাৰ হায় হায়, বিটিচি প্ৰশাসন হায় হায়, জৰাজীৰ্ণ পথ অতি শীঘ্ৰে মেৰামতি কৰক’ আদি প্ৰতিবাদী শ্ল’গানেৰে অৱৰোধস্থলী উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী তথা পথ অৱৰোধকাৰী সকলে অতি শীঘ্ৰে বিধ্বস্ত পথটো মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবৰ বাবে চৰকাৰক আহ্বান জনায়।

তাৰোপৰি প্ৰতিবাদকাৰী সকলে এই ক্ষেত্ৰত যদি বিটিএডিৰ চৰকাৰ আৰু অসম চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে বা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰৱৰ্তী সময়ত ইয়াতকৈও অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে।