ৰহাৰ টোলগেট প্ৰসংগত আলোচনাৰ বাবে ২৭ জুলাইত নগাঁও জিলা প্ৰশাসনৰ সভা আহ্বান

ৰহা টোলগেট বন্ধৰ দাবীত প্ৰতিবাদ

ৰহাৰ টোলগেট বন্ধৰ দাবীত প্ৰতিবাদ। ফাইল ফটো

ৰহাৰ টোলগেট সম্পৰ্কত কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে ত্ৰিপাক্ষিক বৈঠকৰ দাবী জনাই অহাৰ সময়ত নগাঁও জিলা প্ৰশাসনে এই সম্পৰ্কত অহা ২৭ জুলাইত এক সভা আহ্বান কৰিছে।

নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাসে পত্ৰ নং এন এম এন ০৬/ ২০১৮/ ২০০২ পত্ৰ যোগে ৰহাৰ টোলগেটৰ বিৰোধিতা কৰা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নগাঁৱৰ প্ৰকল্প সঞ্চালকক উক্ত সভালৈ আমন্ত্ৰণ জনাইছে।

পত্ৰখনত উল্লেখ কৰা হৈছে যে, টোল গেট বিৰোধী সংগঠন সমুহে দাবী কৰা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ লগত এই আলোচনাৰ আয়োজন কৰা হৈছে। সেই দিনা বিয়লি ৩-৩০ বজাত নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত এই সভাৰ আয়োজন কৰা হৈছে।

উল্লেখ্য, ৰহাৰ টোলগেটৰ বিৰোধিতা কৰা জাতীয় আৰু জনগোষ্ঠীয় সংগঠন কেইটাই এই সম্পৰ্কত আলোচনা কৰাৰ বাবে চৰকাৰ-ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ সৈতে এক ত্ৰিপাক্ষিক বৈঠকৰ দাবী জনাই আহিছিল। আনকি যোৱা ২২ জুলাইত টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সংগঠন কেইটাক ৰাজ্য চৰকাৰৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ সৈতে আলোচনা অনুষ্ঠিত কৰাৰো প্ৰতিশ্ৰুতি দিছিল নগাঁও জিলা প্ৰশাসনে।

আনহাতে, বুধবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত এই সম্পৰ্কত আলোচনাৰ বাবে এক সভাৰ আয়োজন কৰি সংশ্লিষ্ট সংগঠন কেইটাক আমন্ত্ৰণ জনাই যদিও মুৰকত সেই সভা অনুষ্ঠিত নকৰিলে। তাৰ ফলত সংগঠন কেইটা ক্ষুব্ধ হৈ পৰে।

নগাঁও জিলা প্ৰশাসনে এতিয়া ৰহাৰ টোল প্লাজা সম্পৰ্কত আলোচনাৰ বাবে  ২৭ জুলাইত আহ্বান কৰা সভাখন কিমান দূৰ সফল হয় সেইয়া সময়তহে জানিব পৰা যাব।