ৰহাৰ টোল গেইট বন্ধ কৰাৰ দাবী তুলিলে আম আদমি পাৰ্টিয়েও; টোল গেইটৰ বিৰুদ্ধে আইনৰ কাষ চপাৰ চিন্তা

AAMAdmi

ৰহাৰ টোল গেইটক লৈ তীব্ৰ বাক-বিতণ্ডা অব্যাহত থকাৰ সময়তে আজি ২২ জুলাইত টোল গেইটখন বন্ধ কৰাৰ দাবীত মহানগৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আম আদমি পাৰ্টিৰ অসম শাখাই।

দলটোৰ অসম ৰাজ্যিক সমিতিয়ে মহানগৰীৰ গুৱাহাটী ক্লাবৰ পৰা চানমাৰিলৈ প্ৰতিবাদী সমদল উলিয়াই টোল গেইট স্থাপন কৰি ৰাইজৰ পৰা কৰ সংগ্ৰহ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। দলটোৰ শতাধিক নেতা কৰ্মীয়ে সমদলত অংশগ্ৰহণ কৰি টোল গেইট স্থাপনৰ জৰিয়তে চিণ্ডিকেইটৰাজ নচলাবলৈ চৰকাৰক সকীয়াই দিয়ে।

প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব বহন কৰি আম আদমি পাৰ্টিৰ অসম ৰাজ্যিক সমন্বয়ক ভৱেন চৌধুৰীয়ে কয়, “ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ নকৰাকৈয়ে এইদৰে টোল গেইট স্থাপন কৰি কৰ সংগ্ৰহ কৰা কাৰ্য সম্পূৰ্ণ বেআইনী। লগতে ৰহাৰ টোল গেইটত যি কৰ ধাৰ্য কৰিছে সেয়া ভাৰতৰ সকলো ৰাজ্যৰ টোল গেইটতকৈ অধিক। গতিকে এই টোল গেইটখন অতিশীঘ্ৰে বন্ধ কৰিব লাগে।”

ইয়াৰ উপৰি তেওঁ কয়, “কেৱল ৰহাৰ টোল গেইটেই নহয় আমি সকলো ধৰণৰ টোল গেইটৰ বিৰোধিতা কৰো, কিয়নো আমি গাড়ী কিনোতে, পেট্ৰল কিনোতে চৰকাৰক কৰ পৰিশোধ কৰিবই লাগে। গতিকে টোল গেইট স্থাপন কৰি আৰু আতিৰিক্ত কৰ সংগ্ৰহ কৰা কথাটো কেতিয়াও যুক্তি সংগত নহয়।”

তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতো এই টোল গেইট খোলা ৰাখিলে দলটোৱে ইয়াৰ বিৰুদ্ধে আইনৰ কাষ চাপিব বুলিও জানিবলৈ দিয়ে।