ৰহা টোলগেট মুকলি কৰাৰ বিৰুদ্ধে ২২ জুলাইত কৃষক মুক্তি-যুৱ ছাত্ৰৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী
নগাঁৱৰ ৰাষ্টীয় ঘাই পথৰ কাম সম্পূৰ্ণ নোহোৱাকৈ ৰহা টোলগেট আৰম্ভ কৰা চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে।
১২ জুলাইৰ পৰা টোলগেটখনত কৰ সংগ্ৰহ আৰম্ভ কৰাৰ পাছতে জাতীয় দল-সংগঠন জাঙুৰ খাই উঠিছে। টোলগেট মুকলিৰ প্ৰাকমহুৰ্তৰ পৰা আজি পৰ্যন্ত বিভিন্ন দল সংগঠনে ৰহাত প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি আহিছে। কিন্তু ইয়াৰ পাছতো ৰাজ্য চৰকাৰে টোলগেট বন্ধৰ বাবে লোৱা নাই কোনো ব্যৱস্থা।
সেয়ে চৰকাৰৰ এই কঠোৰ সিদ্ধান্তৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, অসমে অহা ২২ জুলাইত ৰহা টোলগেটত কেন্দ্ৰীয়ভাৱে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ।
উল্লেখ্য যে ৰহাৰ টোলগেট আৰম্ভ কৰি নগাঁও জিলাৰ লগতে সমগ্ৰ অসমবাসী ৰাইজকে যি মাধমাৰ শোধাইছে তথা অতিৰিক্ত কৰৰ বোজা জাপি দিয়া কাৰ্যৰ বিৰুদ্ধে নগাঁওবাসী হিচাপে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব লাগিব আৰু ৰহাৰ টোলগেট বন্ধ কৰিব লাগিব।
সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে নগাঁও জিলা যুৱ ছাত্ৰ পৰিষদ সমিতিৰ সভাপতি, সাধাৰণ সম্পাদকৰ লগতে কৃষক মুক্তিৰ নগাঁও জিলা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকে।
উল্লেখ্য যে ২২ জুলাইত ৰহা টোলগেটত হ’বলগীয়া প্ৰতিবাদ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈও উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে।