পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ বাবে অলপতে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ফলাফল ঘোষণাত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অধিবক্তা শিখা শৰ্মাই দাখিল কৰা লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰে।
ব্যাপক খেলিমেলিৰ মাজেৰে অনুষ্ঠিত উক্ত পৰীক্ষাৰ সন্দৰ্ভত চি আই ডিৰ তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিব নোৱাৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই কথা স্পষ্ট কৰি নিৰ্দেশটো জাৰি কৰিছে।
উল্লেখযোগ্য যে যোৱা ২০ মে’ত ৰাজ্যখনৰ ১৩ খন জিলাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৭৯৫ টা পদত নিযুক্তিৰ বাবে লিখিত বাছনি পৰীক্ষা অনুষ্ঠিত হৈছিল। উক্ত পৰীক্ষাত জিলা কেইখনৰ মুঠ ১,২৭, ৩৫৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।
পৰীক্ষা গৃহত ম’বাইলৰ ব্যৱহাৰকে ধৰি বিভিন্ন বেমেজালিৰ অভিযোগ উত্থাপন হোৱাৰ লগতে প্ৰশ্নকাকত ফাদিল হোৱাৰ গুৰুতৰ অভিযোগো উত্থাপন হৈছিল।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা উক্ত পৰীক্ষা পৰিচালনাকে ধৰি বিভিন্ন বেমেজালিৰ বিষয়ত সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। একাংশ পৰীক্ষাৰ্থীয়ে আনকি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীও ৰূপায়ন কৰিছিল।