NORTHEAST NOW (Assamese)

ৰাইজৰ কল্যাণৰ বাবে আত্মনিয়োগ কৰিবলৈ আমোলাসকলক পাটোৱাৰীৰ আহ্বান

April 22, 2018 12:00 pm · এন ই নাও নিউজ
মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী : ফাইল ফটো

‘আপুনি অকলে দেখা সপোনটো কেৱল এটা সপোন। আপুনি একেলগে দেখা সপোনটোহে হৈছে বাস্তৱ’, কিংবদন্তি গায়ক জন লেননৰ উদ্ধৃতিৰে অসমৰ সংসদীয় পৰিক্ৰমা, পৰিবহন আৰু উদ্যোগ তথা বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৰাজ্যৰ আমোলাসকলক ৰাইজৰ সেৱাত ব্ৰতী হ’বলৈ আহ্বান জানাইছে।

গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শনিবাৰে অনুষ্ঠিত হোৱা অসামৰিক সেৱা দিৱসৰ অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গণতন্ত্ৰৰ চাৰিটা স্তম্ভৰ আটাইকেইটাই গণতন্ত্ৰৰ প্ৰকৃত স্বৰূপ অক্ষুণ্ণ ৰাখিবলৈ কাম কৰিব লাগিব। জন প্ৰতিনিধি আৰু আমোলাসকলৰ মাজত সমন্বয় আৰু সহযোগিতা থাকিবই লাগিব।

‘’ মতৰ পাৰ্থক্য থাকিব পাৰে কিন্তু ৰাজনীতিক আৰু আমোলা দুয়োটাৰ সন্মিলিত প্ৰচেষ্টাই ৰাইজক উপকৃত কৰাৰ লগতে ৰাজ্যখনক সমৃদ্ধ কৰিব,’’-পাটোৱাৰীয়ে কয়।

তেওঁ লগতে উল্লেখ কৰে যে বৰ্তমান চৰকাৰখনে সৰ্বাত্মক বিকাশ বিচাৰে আৰু সেয়েহ আমোলাসকলৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে।

তেওঁ প্ৰশাসনীয় বিষয়াসকলক সম্পূৰ্ণ স্বাধীনতা ব্যৱহাৰ কৰি ৰাজ্যৰ উন্নয়নত মুখ্য ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানটোত আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থকা ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ পদ্ম বিভূষণ ড০ ৱাই ভি ৰেড্ডীয়ে কয়, ‘’অসামৰিক সেৱাই প্ৰতিদিনে, প্ৰতি মুহূৰ্ততে নাগৰিকৰ জীৱনক স্পৰ্শ কৰে। সেয়েহে, এগৰাকী আমোলাৰ বাবে সাধাৰণ নাগৰিকজন হৈছে ৰজা।‘’

ড০ ৰেড্ডীয়ে লগতে কয় যে এগৰাকী প্ৰশাসনীয় বিষয়াই কিবা এটা কাৰ্যকৰী হোৱাটো বিচাৰে, য’ত এগৰাকী অধ্যাপকে আকাংখিত কিবা এটা বিচাৰে।

সমাজ আৰু সামাজিক মূল্যবোধৰ সাংঘাটিক পৰিৱৰ্তন ঘটিছে বুলি প্ৰকাশ কৰি মুখ্য সচিব টি ৱাই দাসে কয় যে সততা, সংহতি, নিৰপেক্ষতা আৰু মুক্ত মানসিকতাৰ দৰে আমোলাসকলৰ মুখ্য মূল্যবোধসমূহ বজাই ৰাখিবই লাগিব।

পাটোৱাৰী আৰু ড০ ৱাই ভি ৰেড্ডীয়ে  ২০১৮ ৰ ৰাজহুৱা প্ৰশাসনত পাৰদৰ্শিতাৰ বাবে মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটাও প্ৰদান কৰে।

পাটোৱাৰীয়ে লগতে অসম অসামৰিক সেৱাৰ বিষয়াসকলৰ বাবে অনলাইন এ চি আৰ মেনেজমেন্ট ব্যৱস্থাৰো শুভাৰম্ভ কৰে।

Related News