ৰাজ্যত বানৰ সংহাৰৰ সময়তে পৰিস্থিতি পৰ্যালোচনাৰ বাবে দিছপুৰত নাই এজনো মন্ত্ৰী  

ATTACHMENT

ৰাজ্যত প্ৰথমটো বানে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা তথা ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যেই কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব এই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে সম্প্ৰতি মন্ত্ৰীশূণ্য হৈ আছে দিছপুৰ।

ৰাজ্যৰ প্রশাসন যন্ত্রৰ অভিকেন্দ্র দিছপুৰ সচিবালয়ত সম্প্ৰতি এজনো মন্ত্রী নাই বুলি প্ৰকাশ কৰিছে একাংশ সূত্ৰই। দিছপুৰত কার্যালয়ত বহি বিভাগীয় কাম-কাজ পৰ্যবেক্ষণ কৰাৰ বিপৰীতে মন্ত্রীবর্গ অ’ত- ত’ত ঘূৰি ফুৰাহে পৰিলক্ষিত হৈছে৷

উল্লেখযোগ্য যে দুবছৰ অতিক্রম কৰা ৰাজ্য চৰকাৰখনে আড়ম্বৰপূর্ণ বর্ষপূর্তি পালন কৰা নাই যদিও জনসম্পর্ক অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালকে ধৰি অধিকাংশ মন্ত্রীয়ে বৰ্তমান বিশিষ্ট ব্যক্তিৰ পদূলিত ভিৰ কৰিছেহি৷ একে সময়তে কনকলতা আঁচনিৰ অধীনত ঠায়ে ঠায়ে অনুষ্ঠিত কৰা হৈছে মহিলা সমাৰোহৰ৷ মহিলা আত্মসহায়ক গোটসমূহৰ মাজত ৩৫০ কোটি টকাৰ বিত্তীয় সাহায্য বিতৰণৰ নামত এই পর্যন্ত লখিমপুৰ, পলাশবাৰী আৰু শিৱসাগৰত চৰকাৰে মহিলা সমাৰোহৰ আয়োজন কৰিছে৷

মুখ্যমন্ত্রী, বিত্তমন্ত্রীকে ধৰি কেইবাজনো মন্ত্রী ইয়াতেই ব্যস্ত থকা পৰিলক্ষিত হৈছে৷ মন্ত্রী-আমোলা, বিষয়া-কর্মচাৰী কাৰোৱেই মাজত কর্মব্যস্ততা নাই৷ কৰিবলগীয়াও যেন একো নাই৷ দিছপুৰত সম্প্রতি এই দৃশ্যই সহজলভ্য৷ বছৰৰ প্রথমটো বানত বৰাক-ব্রহ্মপুত্র উপত্যকাৰ বিস্তৃত অঞ্চল জলমগ্ন হোৱাৰ উপৰি লক্ষাধিক লোক আক্রান্ত হৈছে৷ কিন্তু বান পৰিস্থিতি পর্যালোচনা কৰিবলৈ দিছপুৰত জলসম্পদ মন্ত্রী কেশৱ মহন্ত আৰু দুযোর্গ প্রশমন মন্ত্রী ভৱেশ কলিতা উপস্থিত নথকাটোৱে লক্ষণীয়।

ৰাইজৰ দুযোর্গৰ সময়ত বান পৰিস্থিতিক অগ্রাধিকাৰ দি দায়িত্বশীল মন্ত্রীয়ে যি তৎপৰতা প্রদর্শন কৰিব লাগিছিল সেয়া সম্প্ৰতি পৰিলক্ষিত হোৱা নাই৷ মুখ্যমন্ত্রী সোণোৱালেও হয়তো মন্ত্রীদ্বয়ক কোনো স্পষ্ট নির্দেশনা দিয়া নাই৷ কেৱল এই দুগৰাকী মন্ত্রীয়েই নহয়, বিগত কেইদিনত মন্ত্রীশূন্য দিছপুৰত প্রশাসনিক ক্ষেত্রত কোনো তৎপৰতা নাই৷ বিষয়টোৱে ৰাইজৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।