ৰাজ্যত বিদ্যুতৰ লুকা-ভাকু চলি থকাৰ মাজতে শক্তি বিভাগত বহু কামৰ প্ৰতিশ্ৰুতি মন্ত্ৰী তপনৰ

তপন গগৈ

বুধবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী তপন কুমাৰ গগৈ। ফটো : নৰ্থইষ্ট নাও

ৰাজ্যত বিদ্যুতৰ লোডশ্বেডিঙ নতুন সমস্যা নহয়। এটা পুৰণি সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা শক্তি মন্ত্ৰী তপন কুমাৰ গগৈ চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যদিও বুধবাৰৰ সংবাদমেলৰ জৰিয়তে চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ সকলো লোকৰ বাসগৃহতে বিদ্যুৎ যোগান সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে, যোৱা ২৭ এপ্ৰিলৰ দিনা নৱ নিৰ্বাচিত মন্ত্ৰীগৰাকীক হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত মহিলা মৰ্চাই সম্বৰ্ধনা জ্ঞাপন কৰিছিল। সম্বৰ্ধনা গ্ৰহণ কৰি ভাষণ আৰম্ভ কৰিবলৈ লওঁতেই তেওঁ লোডশ্বেডিঙৰ সন্মুখীন হৈছিল। উক্ত সভাতে তেওঁ বিদ্যুৎ বিভাগৰ এনেবোৰ গাফিলতি দূৰ কৰাৰো প্ৰতিশ্ৰুতি দিছিল।

আনহাতে, জনসাধাৰণক ২৪ ঘন্টাই বিদ্যুতৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা চৰকাৰখনৰ কাৰ্যকালত বৰ্তমানো ৰাজ্যৰ বিভিন্ন স্থানত বিশেষকৈ মহানগৰীত কিন-কিনীয়া বৰষুণ এজাকতে ২-৩ ঘন্টা পৰ্য্যন্ত বিদ্যুত কৰ্তন কৰাত জনসাধাৰণ চৰম অস্বস্তিত ভুগিছে। কিছুসংখ্যকে চৰকাৰখনৰ মন্ত্ৰীসকল আশ্বাস আৰু প্ৰতিশ্ৰুতিতে সীমাবদ্ধ বুলি কটাক্ষ কৰাও পৰিলক্ষিত হৈছে।

এনেবোৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে আজি নৱ নিৰ্বাচিত শক্তি মন্ত্ৰী তপন কুমাৰ গগৈয়ে মন্ত্ৰিত্ব কালৰ প্ৰথমখন সংবাদ মেল অনুষ্ঠিত কৰি নতুন নতুন কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

উক্ত সংবাদমেলতে এতিয়ালৈকে ৰাজ্যৰ ৬৪ লাখ গৃহত বিদ্যুৎ সংযোগ হোৱা বুলি উল্লেখ কৰি তেওঁ কয়, ‘আৰু ২৩ লাখ গৃহত বিদ্যুৎ সংযোগ বাকী আছে। অহা ৫ মাহৰ ভিতৰত এইসমূহ গৃহত বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰা হ’ব।‘

তদুপৰি অসমৰ চুকে-কোণে বহু ঠাইত লাখৰ ওপৰত বাঁহ-কাঠৰ খুটা থকা বুলি স্বীকাৰ কৰে মন্ত্ৰী তপন গগৈয়ে।

তেওঁ কয় ‘বাঁহ-কাঠৰ খুটাৰ পৰিৱৰ্তে পকাৰ খুঁটা লগাবৰ বাবে প্ৰথম পৰ্য্যায়ত ২৫ কোটি টকা ধায্য কৰা হৈছে আৰু ইতিমধ্যে ১২.৫০ কোটি টকা মুকলি কৰি দিয়া হৈছে। পৰ্য্যায়ক্ৰমে এই প্ৰক্ৰিয়া চলাই নিয়া হ’ব যাতে বাঁহৰ আৰু কাঠৰ খুঁটা কোনো ঠাইত নাথাকে।‘

আনহাতে ৰাজ্যৰ চাৰিখন চহৰত পৰীক্ষামূলকভাৱে প্ৰিপেড মিটাৰৰ ব্যৱস্থা কৰিব বুলি তেওঁ উক্ত সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে বিদ্যুতৰ তাঁৰসমূহ কেব’ল কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘এই কেব’ল কৰিবৰ কাৰণে ইতিমধ্যে ৩২৮৪.০৪ কোটি টকা ধাৰ্য কৰা হৈছে। কেব’ল চিষ্টেম কৰিলে বিশেষকৈ গাওঁ অঞ্চলত বাঁহ পৰিলেও তাঁৰসমূহ চিঙি নাযায়। প্ৰায় ৬০ হাজাৰ কিল’মিটাৰ তাঁৰ সলনি কৰি কেব’ল কৰা হ’ব।‘

উল্লেখ্য যে, যিসকল যুৱক-যুৱতীয়ে নতুনকৈ বিদ্যুত বিভাগৰ অধীনত কাম কৰিব বিচাৰে সেইসকলৰ বাবে ২ মাহ সময় অনলাইনযোগে পঞ্জীয়ন কৰাৰ বাবে ধাৰ্য কৰা হৈছে বুলি সংবাদমেলত মন্ত্ৰী গগৈয়ে কয়।

পঞ্জীয়ন সম্পৰ্কত তেওঁ কয়, ‘চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকলে ৫,০০০ টকা দি পঞ্জীয়ন কৰিব লাগিব। তেওঁলোকক স্থানীয় ভিত্তিত ৫০ লাখ টকা পৰ্য্যন্ত কাম কৰিবৰ বাবে সুবিধা প্ৰদান কৰা হ’ব। তৃতীয় বৰ্গৰ সকলে ১০ লাখ টকাৰ পৰা কাম আৰম্ভ কৰিব পাৰিব আৰু তেওঁলোকে ১০ হাজাৰ টকা দি পঞ্জীয়ন কৰিব লাগিব। দ্বিতীয় বৰ্গত নাম পঞ্জীয়ন কৰাসকলে ৫০ লাখ টকাৰ পৰা ২ কোটি টকা পৰ্য্যন্ত কাম কৰিব পাৰিব আৰু তেওঁলোকে ১৫ হাজাৰ টকা দি পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ লগতে প্ৰথম বৰ্গত পঞ্জীয়ন কৰাসকলে ৫ কোটি টকাৰ পৰা ২০ কোটি টকা পৰ্য্যন্ত কাম কৰিব পাৰিব।‘

স্থানীয় তথা কামৰ প্ৰতি আগ্ৰহ থকা যুৱক-যুৱতীসকলৰ সুবিধাৰ বাবে এই পদক্ষেপ চৰকাৰে গ্ৰহণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে।

ইয়াৰোপৰি ৩৫০০ গৰাকী প্ৰাৰ্থীক শক্তিবিভাগত নিয়োগ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰে ১০০০ প্ৰাৰ্থীক কাৰ্য্যালয় ও ক্ষেত্ৰ সহায়ক হিচাপে, ৮৭২ গৰাকী সহায়ক আৰু ৫-৭ বছৰ ধৰি যিসকলে বৰ্তমানো শক্তি বিভাগত ঠিকাভিত্তিক কাম কৰি আছে সেইসকলক পুনৰ পৰীক্ষা পাতি নিযুক্তি দিয়া হ’ব।

আনহাতে, কাৰ্য্যালয় ও ক্ষেত্ৰ সহায়ক পদত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু কম্পিউটাৰ শিক্ষাৰ প্ৰয়োজন হোৱাৰ উপৰিও সহায়ক পদৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ আৰু আইটিআই উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন জনাব পাৰিব।

উক্ত সংবাদমেলতে তেওঁ সংশ্লিষ্ট বিভাগত ২৮৬ গৰাকী অভিযন্তা, ৬০ গৰাকী সহকাৰী হিচাপ ৰক্ষকৰ পদ আৰু জুনিয়ৰ এচিষ্টেন্ট অফিচাৰ পদৰ ১০ গৰাকী প্ৰাৰ্থীৰ বাবে অহা কেইদিনমানৰ ভিতৰত  কাকতত বিজ্ঞাপন দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে, মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত  ৫২ লাখ গৃহত প্ৰত্যেককে ৪ টাকৈ এল ই ডি বাল্ৱ যোগান ধৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তেওঁ সংবাদমেলত কয়। তদুপৰি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কৰ্মচাৰীসকলৰ বাবে নিৰ্দিষ্ট সাজ-পোছাক প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

এই সম্পৰ্কত তেওঁ কয়, ‘গাঁৱৰ ভিতৰুৱা অঞ্চলত কৰ্মচাৰীসকলে বিদ্যুতৰ সমস্যা সমাধানৰ বাবে গ’লে সেই অঞ্চলসমূহৰ জনসাধাৰণে তেওঁলোকক চিনি পোৱাত অলপ কঠিন হয়। সেয়েহে এতিয়াৰ পৰা  নিৰ্দিষ্ট সাজপাৰ দিয়া হ’ব যাতে সেইসমূহ পৰিধান কৰি তেওঁলোকে কৰ্মক্ষেত্ৰত যাব পাৰে।‘