ৰাজ্যত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ ৪০ কোটি লুণ্ঠন, এজনক গ্ৰেপ্তাৰ

06-05-18 Guwahati- Maheswar Rao arrested by BIEO (1)

ৰাজ্যত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুণ্ঠনৰ কাহিনী এতিয়াও শেষ হোৱা নাই। এইবাৰ দিল্লী পাব্লিক স্কুলৰ আৰ্হিত বিদ্যালয় স্থাপন, অত্যাধুনিক ছুইমিং পুল নিৰ্মাণকে ধৰি বিভিন্ন আকৰ্ষণীয় প্ৰকল্প ৰূপায়নৰ প্ৰলোভন দেখুৱাই গ্ৰাহকক লুণ্ঠন চলোৱা ডি পি এল লেণ্ডমাৰ্ক ইনফাষ্ট্ৰাকছাৰ প্ৰাইভেট লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান এটাৰ এগৰাকী বিষয়া মহেশ্বৰ ৰাও বি আই ই অ’ৰ জালত পৰিছে।

দুলীয়াজানত শাখা স্থাপন কৰি গ্ৰাহকক লুণ্ঠন চলোৱাৰ অভিযোগত উক্ত প্ৰৱঞ্চকগৰাকীক শনিবাৰে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই ( বি আই ই অ’) গ্ৰেপ্তাৰ কৰে। আনহাতে, ডি পি এল লেণ্ডমাৰ্ক ইনফাষ্ট্ৰাকছাৰ প্ৰাইভেট লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ অসমৰ মুখ্য কাৰ্যবাহী বিষয়া চাবুৱাৰ অমল লাল বাবু, দুলীয়াজানৰ শাখা প্ৰৱন্ধক আৰ চি যাদব, শিৱসাগৰৰ চাজ্জাদ হুছেইন, নগাঁৱৰ ধৰ্মদত্ত শৰ্মা আৰু গুৱাহাটীৰ অঞ্জন কুমাৰ শৰ্মা নামৰ প্ৰৱঞ্চককেইজন পলাতক হৈ আছে।

বি আই ই অ’ৰ সূত্ৰই জানিব দিয়া মতে হাৰিয়ানাৰ প্ৰবীন কুমাৰ ৰহিলা নামৰ ব্যক্তিজনে স্বয়ম্ভু মুখ্য পৰিচালন সঞ্চালক হিচাপে দায়িত্ব লৈ হাৰিয়ানাত ডি পি এল লেণ্ডমাৰ্ক ইনফাষ্ট্ৰাকছাৰ প্ৰাইভেট লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানটো ২০১০ চনত প্ৰতিষ্ঠা কৰিছিল। তেওঁ কোম্পানীটোৰ সঞ্চালক হিচাপে ৰহিলাৰ পত্নী ৰিতু ৰাম, ভ্ৰাতৃ ৰাকেশ কুমাৰ ৰহিলা আৰু সুনীল দত্ত শৰ্মাক নিয়োগ কৰিছিল।

ইয়াৰ পিছতে অসমত চাবুৱাৰ অমল লাল বাবুক মুখ্য কাৰ্যবাহী হিচাপে নিযুক্তি দি হাৰিয়ানাৰ এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৱে লুণ্ঠন চলাই গৈছিল। অসমত এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৱে গুৱাহাটী, ডুমডুমা, দুলীয়াজান, বৰপেটা, নগাঁও, চিলাপথাৰ, ডিব্ৰুগড়, মাৰ্ঘেৰিটা, তেজপুৰ, ডিগবৈ আৰু গোগামুখত শাখা কাৰ্যালয় স্থাপন কৰি ২০১০ চনৰ মাৰ্চৰ পৰা ২০১৫ চনৰ এপ্ৰিললৈকে প্ৰায় ৪০ কোটি টকা সংগ্ৰহ কৰে।

ভুৱা প্ৰতিষ্ঠানটোৱে বিভিন্ন আকৰ্ষণীয় প্ৰকল্প ৰূপায়নৰ প্ৰলোভন দেখুৱাই অসমৰ প্ৰায় ১৮,৩৩৬ জন বিত্তশালী লোকৰ পৰা কোটি টকা সংগ্ৰহ কৰি ২০১৫ চনতে প্ৰতিষ্ঠানটো অন্তৰ্ধান হয়।

গুৱাহাটীৰ এগৰাকী এজেন্ট শশীকলা শৰ্মাই দাখিল কৰা এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি বি আই ই অ’ৱে তদন্ত আৰম্ভ কৰে। তদন্তত প্ৰতিষ্ঠানটোৱে ডিব্ৰুগড়ৰ বগীবিলত ৬০ বিঘা, নগাঁৱৰ বেবেজিয়াত ১৪ বিঘা মাটি ক্ৰয় কৰাৰ তথ্য লাভ কৰে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয়কৃত বেংকৰ শাখাত ৯২ টা একাউন্ট থকাৰো তথ্য বি আই ই অ’ৱে লাভ কৰিছে। এই সকলোবোৰ ইতিমধ্যে জব্দ কৰা হৈছে।

বি আই ই অ’ৱে উক্ত গোচৰৰ ভিত্তিতে চাৰিমাহ পূৰ্বে ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ স্বয়ম্ভু মুখ্য পৰিচালন সঞ্চালক প্ৰবীন কুমাৰ ৰহিলা, ডুমডুমা শাখাৰ প্ৰৱন্ধক সতীশ সতীশ প্ৰসাদ আৰু গুৱাহাটীৰ মালিগাঁৱৰ এজেন্ট প্ৰমোদ দাসক গ্ৰেপ্তাৰ কৰে। আটাইকেইজনকে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে যদিও ৰহিলাক বাদ দি বাকী দুজনে জামিনত মুকলি হয়। উক্ত গোচৰতে দীৰ্ঘদিন ধৰি পলাতক হৈ থকা মহেশ্বৰ ৰাওক  শনিবাৰে ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা হয়। বাকী পলাতক অভিযুক্ত কেইজনৰ সন্ধানতো অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে।