ৰাজ্যত ২০১৬-১৭ত ৩০০০ তকৈ অধিক ধৰ্ষণৰ ঘটনা সংঘটিত

ধৰ্ষণৰ

ৰাজ্যখনত ৩০০০ তকৈ অধিক মহিলা ধৰ্ষণৰ আৰু ২০০০ তকৈ অধিক মহিলা হিংসাত্মক কাৰ্যৰ বলী হোৱা বুলি জানিব পৰা গৈছে। সোমবাৰে বিধানসভাৰ অধিৱেশনত মহিলাৰ বিৰুদ্ধে হোৱা এই অপৰাধৰ কথা উল্লেখ কৰা হয় য’ত চৰকাৰী তথ্য মতে ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ৩০০৯ টা ধৰ্ষণৰ ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ পাইছে।

বিভাগীয় তথ্য মতে ২০১৬ চনৰ পৰা ২০১৭ চনলৈকে প্ৰায় ১,৫৫২ টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছে য’ত ৯ গৰাকী মহিলাক ধৰ্ষণৰ পিছত হত্যা কৰা হয়।

বিভাগীয় তথ্যত প্ৰকাশ পোৱা মতে ২০১৬ চনৰ পৰা বৰ্তমানলৈকে সংঘটিত ৩০০৯ টা ধৰ্ষণৰ গোচৰৰ ভিতৰত মাত্ৰ ১,৭৮৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইয়াৰে ১,৬৯৭ জন অভিযুক্তৰ বিৰুদ্ধেহে চাৰ্জশ্বিট দাখিল কৰা হৈছে।

আনহাতে সোমবাৰে বিধানসভাত মুখ্য মন্ত্ৰী সৰ্বানন্দৰ হৈ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে ৰাজ্য চৰকাৰে মহিলাৰ সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰতে ‘One Step Centres’ নামেৰে স্থানীয় ভাষাত এটা অভিযানকাৰী কেন্দ্ৰ খোলা হৈছে য’ত ভুক্তভোগী মহিলাই তাৎক্ষণিকভাৱে সহায়ৰ বাবে যোগাযোগ কৰিব পাৰিব। লগতে পাটোৱাৰীয়ে আৰু বহুতো পদক্ষেপ লোৱা বুলিও উল্লেখ কৰে।

২০১৬ চনত ৰাষ্ট্ৰীয় অপৰাধমূলক তথ্যৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ভিতৰত অসম সমগ্ৰ ভাৰতৰ ভিতৰত দ্বিতীয় স্থানত আছে।