ৰাজ্যিক ন্যায়িক সেৱা প্ৰাধিকৰণৰ সৰ্বভাৰতীয় সন্মিলন উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দৰ

‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষত উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে। এই পৰিৱৰ্তিত সময়ত গণতন্ত্ৰৰ চাৰিওটা স্তম্ভই জনসাধাৰণ কল্যাণ আৰু স্বাৰ্থত গতিশীলতাৰে কাম কৰি আহিছে।’ আজি মহানগৰীৰ এখন প্ৰতিষ্ঠিত হোটেলত ১৬ সংখ্যক ৰাজ্যিক ন্যায়িক সেৱা প্ৰাধিকৰণৰ সৰ্বভাৰতীয় সন্মিলন উন্মোচন কৰি ভাষণ প্ৰসংগত এইদৰে কয় মুখ্য মন্ত্ৰী সৰ্বানন্দই।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে গণতন্ত্ৰক গতিশীল কৰাৰ বাবে পৰিকাঠামোত জনসাধাৰণৰ অংশ গ্ৰহণ তথা চৰকাৰী কাম-কাজ সমূহত সক্ৰিয় অংশ গ্ৰহণ অত্যন্ত জৰুৰী। এই দৃষ্টিভংগী আগত ৰাখি ৰাজ্য চৰকাৰে সেৱা সমূহ জনসাধাৰণমুখী কৰাৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰিছে।

তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ন্যায়িক সেৱা অত্যন্ত দৰকাৰী সেৱা, সেয়েহে ন্যায়িক পৰিকাঠামোৰ উন্নীতকৰণ তথা ৰাজ্যখনৰ আওহতীয়া অঞ্চল বিলাকত এই ব্যৱস্থাৰ সম্প্ৰসাৰণৰ বাবে ৰাজ্য চৰকাৰে ন্যায়পালিকাৰ সৈতে সহযোগিতাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

‘ৰিছ আউট এণ্ড ৰেছপণ্ড’ প্ৰকল্পৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে এই প্ৰকল্পৰ জৰিয়তে বিশেষভাৱে সক্ষম ব্যক্তি সকলে ৰাজ্যিক সমাজ কল্যাণ বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, ভগৱান মহাবীৰ বিকলাংগ সহায়তা সমিতি আৰু এলিমকোৰ সহযোগিতাত কৃত্ৰিম অংগ-প্ৰত্যংগ সংস্থাপনেৰে এক সূচল জীৱন-যাপন কৰিব পাৰিব।

অনুষ্ঠানটোত বক্তব্য ৰাখি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ তথা ৰাষ্ট্ৰীয় ন্যায়িক সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ ৰঞ্জন গগৈয়ে সমাজৰ দুৰ্বলতম আৰু ন্যায়িক সেৱাৰ প্ৰয়োজন হোৱা জনসাধাৰণলৈ আইনী সেৱা প্ৰদান কৰাটো ৰাষ্ট্ৰীয় ন্যায়িক সেৱা প্ৰাধিকৰণৰ মুখ্য দায়িত্ব বুলি কয়।

লগতে ৰাষ্ট্ৰীয় ন্যায়িক সেৱা প্ৰাধিকৰণে দেশৰ বিভিন্ন প্ৰান্তত ন্যায়িক সাক্ষৰতা প্ৰসাৰৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানসমূহত ব্যাপকভাৱে ন্যায়িক সাক্ষৰতা ক্লাৱ মুকলি কৰাৰ পৰিকল্পনা কৰিছে বুলিও কয় ন্যায়াধীশ ৰঞ্জন গগৈয়ে। ইতিমধ্যে কিছু সংখ্যক ন্যায়িক সাক্ষৰতা ক্লাৱে অসমত সেৱা আগবঢ়াইছে বুলিও গগৈয়ে কয়।

আজিৰ অনুষ্ঠানত সন্মিলনৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা এখন কফি টেবল বুক আৰু ৰাষ্ট্ৰীয় ন্যায়িক সেৱা প্ৰাধিকৰণৰ সফল যাত্ৰাৰ খতিয়ান দাঙি ধৰি প্ৰস্তুত কৰি উলিওৱা এটা ভিডিঅ’ চিডি উন্মোচন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দই।

অনুষ্ঠানটোত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৃষীকেশ ৰয়কে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ ন্যায়িক সেৱাৰ লগত জড়িত বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।