NORTHEAST NOW (Assamese)

ৰাজ্যিক বিজেপিয়েও সুঁৱৰিলে বিষ্ণুপ্ৰসাদ ৰাভাক : হেঙেৰাবাৰীৰ দলীয় কাৰ্য্যালয়ত বিষ্ণু ৰাভা দিৱস

June 20, 2018 1:56 pm · মুকুট দাস
ৰাজ্যিক বিজেপিয়ে হেঙেৰাবাৰীত থকা দলীয় কাৰ্য্যালয়ত পতা বিষ্ণু ৰাভা দিৱসৰ দৃশ্য, ২০ জুন, ২০১৮ত।

আজি অসমৰ সমাজ-সংস্কৃতি-ৰাজনীতিৰ গুৰুত্বপূৰ্ণ ব্যক্তিত্ব বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিৱস। পূৰ্বৰ বছৰবোৰৰ দৰেই ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন দল-সংগঠনে আজি এই দিৱস উদযাপনেৰে কলাগুৰু, অসমৰ অন্যতম বিপ্লৱী সমাজবাদী ৰাভাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ৰাজ্যবাসীৰ লগতে আজি ৰাজ্যিক বিজেপিয়েও সমাজবাদত বিশ্বাসী বিষ্ণু ৰাভাক তেওঁলোকৰ হেঙেৰাবাৰীত থকা দলীয় কাৰ্য্যালয়ত স্মৰণ কৰে।

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ লগতে ৰাজ্যিক বিজেপিয়ে শিল্পী পুৰুষোত্তম দাসৰো ২৪তম মৃত্যু বাৰ্ষিকী পালন কৰে।

আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। তেওঁ বিষ্ণু প্ৰসাদ ৰাভাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ অসমৰ ৰাইজক বৃহত্তৰ অসমীয় জাতি গঠন বৰঙনি যোগাবলৈ আৰু বিশ্বৰ দৰবাৰত অসমীয়া জাতিক দাঙি ধৰিবলৈ আহ্বান জনায়।

“আমি বিষ্ণু ৰাভা আৰু পুৰুষোত্তম দাসে দেখুৱাই যোৱা পথেৰে যাব লাগিব।” মুখ্য মন্ত্ৰীয়ে কয়। আনহাতে পুৰুষোত্তম দাসৰ গীতৰ প্ৰসংগেৰে মুখ্য মন্ত্ৰীয়ে কয়, “আমি কথাৰে নহয় কামেৰে পৰিচয় দিব লাগিব।”

মুখ্য মন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও বিষ্ণু প্ৰসাদ ৰাভা আৰু পুৰুষোত্তম দাসলৈ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁলোকৰ উপৰি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাও উপস্থিত আছিল।

আনহাতে আজিৰ কাৰ্য্যসূচীটোত শিল্পী ৰত্ন ওজা আৰু পুৰুষোত্তম দাসৰ জীয়াৰী জোনালী দাসো উপস্থিত আছিল।

Related News