তেজপুৰত আজি কলাগুৰু বিষ্ণুৰাভাৰ ৪৯সংখ্যক মৃত্যু দিৱস পালন কৰা হয়। আছুৰ শোণিতপুৰ জিলা সমিতিয়ে ৰাভাৰ সমাধিস্থলত মহান শিল্পীজনাৰ মৃত্যু তিথিৰ আয়োজন কৰে।
তেজপুৰৰ কেন্দ্ৰস্থলত অৱস্থিত তেজপুৰ সাহিত্য সভা, ত্ৰিমূৰ্তি উদ্যান (জ্যোতি প্ৰসাদ, বিষ্ণু প্ৰসাদ আৰু ফণী শৰ্মাৰ নামত উৎসৰ্গিত উদ্যান), সমাধিস্থল ব্যৱস্থাপনা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জ্যোতি ভাৰতী (জ্যোতি প্ৰসাদৰ পুৰ্বপুৰুষৰ বাসস্থান আৰু জ্যোতি প্ৰসাদৰ নামত উৎসৰ্গিত সংগ্ৰাহালয়)আদিয়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰি আজি ৰাভাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।
তেজপুৰ সাহিত্য সভাৰ সভাপতি হেমন্ত বৰুৱাই বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলী প্ৰদানেৰে এই সাংস্কৃতিক মহীৰূহগৰাকীৰ স্মৃতিচাৰণ অনুষ্ঠান আৰম্ভ কৰে। উপস্থিত শ্ৰোতাৰ আগত তেখেতে অসমীয়া সমাজ, সংস্কৃতিলৈ নিজৰ অসামান্য বৰঙণিৰ কথা উল্লেখ কৰে।
সাহিত্য সভাৰ সম্পাদক পংকজ বৰুৱাই কয় যে ৰাজ্য চৰকাৰে ৰাভাৰ সৃষ্টিৰাজি সংৰক্ষণ কৰাৰ বাবে বহুতো কৰণীয় আছে। সংৰক্ষণৰ অভাৱতেই ৰাভাৰ কলিবাৰীত থকা বাসগৃহ দিনে দিনে ধ্বংসৰ মুখলৈ গৈ আছে বুলি তেওঁ কয়।
তেওঁ কয় যে ৰাভাই বৰ-অসম গঢ়াৰ কথা চিন্তা কৰিছিল। আছুৰ শোণিতপুৰ জিলা শাখাই জিলা পুথিভঁড়ালত ৩দিনীয়াকৈ ৰাভা দিৱস পালন কৰাৰ কাৰ্যসূচী হাতত লৈছে।
আছুৰ জিলা সভাপতি নীতু বৰাই কয় যে একেধাৰে মুক্তিযুঁজাৰু, বিপ্লৱী, নৃত্যশিল্পী, অভিনেতা, গায়ক, কবি, সুৰকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, ৰাজনীতিজ্ঞ বিষ্ণুৰাভা নিজেই এটা অনুষ্ঠান আছিল। তেওঁ লগত সদায় এটা ছিফুং বাঁহী আৰু এটা ষ্টেনগান আৰু বাঁহী লৈ ফুৰিছিল।তেওঁ সাম্যবাদী চিন্তাধাৰাত বিশ্বাস কৰিছিল আৰু স্বাধীন ভাৰত চৰকাৰে সেয়েহে তেওঁৰ মূৰৰ দাম সেই সময়তেই ১০,০০০ টকা ঘোষণা কৰিছিল।
তেওঁ আৰু কয় যে ৰাভাৰ সৃষ্টিৰাজি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে তাৰ বাবে অসমীয়ৰ জনসাধাৰণ আৰু চৰকাৰৰ বহুতো কৰণীয় আছে। ড0 সর্বেপল্লী ৰাধাকৃষ্ণণে বাৰাণসীত তেওঁৰ তাণ্ডৱ নৃত্য চাই তেওঁক ‘কলাগুৰু’ উপাধি প্ৰদান কৰাৰ কথাটোও আছুৰ জিলা সভাপতিগৰাকীয়ে উল্লেখ কৰে।