NORTHEAST NOW (Assamese)

ৰাজ্যৰ ঐতিহ্য ক্ষেত্ৰসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানক লীজত দিয়াৰ বিৰোধিতাৰে বোকাখাতত কংগ্ৰেছৰ গণ স্বাক্ষৰ

May 3, 2018 10:20 pm · উত্তম শইকীয়া

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ লগতে ৰাজ্যৰ অনান্য ঐতিহাসিক কীৰ্তিচিহ্ন সমূহ বহু জাতিক কোম্পানীক লীজত দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বৃহস্পতিবাৰৰ দিনা বোকাখাত নগৰত কংগ্ৰেছ দলৰ কৰ্মীয়ে এক গণ স্বাক্ষৰ সংগ্ৰহ অভিযান চলায় ৷

বোকাখাত ব্লক কংগ্ৰেছৰ উদ্যোগত চলোৱা এই অভিযানত কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ,  অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদক দাদু টায়, পৰাগ শইকীয়া,  ব্লক কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি বিপুল দাস, সাধাৰণ সম্পাদক লক্ষী প্ৰসাদ শইকীয়া,  সম্পাদক ভাস্কৰ কালিন্দি,  জুৰি দাস,  মামনি দলে আদি উপস্থিত থাকে ৷

অভিযান কালত জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণ প্ৰসঙ্গত সাংসদ গৌৰৱ গগৈয়ে শাসনাধিস্থ বি জে পি দল আৰু মিত্ৰজোঁটৰ অসম গন পৰিষদ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ জাতি মাটি ভেটিৰ কথা কৈ বিজেপি দলে অসমৰ ৰাইজক বিশ্বাসঘাটকতা কৰিছে বুলি তেওঁ তাৎপৰ্যমূলক মন্তব্য কৰে ৷

সাংসদগৰাকীয়ে কয় যে মন্ত্ৰীত্ব নোপাৱাৰ বাবে অসম বন্ধ দিয়া বিজেপি দলে আজি অসমৰ কীৰ্তিচিহ্ন বোৰক বন্ধকত দিবলৈ ওলাইছে ৷ অসমৰ মৰ্যাদা হানি হোৱা সিদ্ধান্তৰ বিৰুদ্ধে এই সকল বিজেপি নেতাই মাত নেমাতে কিয় ?  এতিয়া কিয় অসম বন্ধ নিদিয়ে বুলিও সাংসদ গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰে ৷

আনহাতে কংগ্ৰেছৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই বোকাখাতৰ বিভিন্ন লোকৰ লগতে বিশেষভাৱে সক্ষম লোকেও এই গণ স্বাক্ষৰ অভিযানৰ প্ৰতি সমৰ্থন জনাই স্বাক্ষৰ প্ৰদান কৰে ৷

Related News