ৰাজ্যৰ ভিন্ন প্ৰান্তত নৱজাতকৰ দুটাকৈ মৃতদেহ উদ্ধাৰ

ৰাজ্যৰ দুটা ভিন্ন প্ৰান্তত দুটাকৈ নৱজাতকৰ মৃতদেহ উদ্ধাৰ হৈছে। আজি দিনৰ প্ৰায় ১১:৩০ বজাত মহানগৰীৰ ভূতনাথত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে ভূতনাথৰ বাঁহবজাৰত নৱজাতকটোৰ মৃতদেহ উদ্ধাৰ হৈছে। প্ৰতক্ষ্যদৰ্শীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। নৱজাতকটোৰ গাত থকা দাগ লক্ষ্য কৰি আৰক্ষীয়ে মৃতদেহটোক কুকুৰে কামোৰাৰ সন্দেহ প্ৰকাশ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি নৱজাতকৰ হাতত প্ৰদীপ ৰাজবংশী নামটো স্পষ্টকৈ লিখা আছে। এই কাণ্ডই বিষয়টোক আৰু অধিক ৰহস্যৰ মাজলৈ সুমুৱাই লৈ যোৱাটো পৰিলক্ষিত হৈছে।

আনহাতে ধুৱুৰীতো আজি পুৱা উদ্ধাৰ কৰা হৈছে এটি নৱজাতকৰ মৃতদেহ। ধুবুৰীৰ অসামৰিক চিকিৎসালয়ৰ সমীপত অৱস্তিত বাগানপাৰাটো এটা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলবাসীৰ মাজত চাঞ্চল্যকৰ পৰিবেশে বিৰাজ কৰিছে। সেই মৃতদেহটোৰ গাতো কুকুৰে কামোৰাৰ দাগ স্পষ্ট বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে প্ৰতিদিনে নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক সচেতন মহলে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে মানবতাৰ চৰম স্খলন হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে।