NORTHEAST NOW (Assamese)

ৰাজ্যৰ ক্ৰীড়া ক্লাবসমূহৰ উন্নয়নৰ পদক্ষেপ ল’ব ৰাজ্য চৰকাৰে : মুখ্য মন্ত্ৰী

June 6, 2018 8:58 pm · এনই নাও নিউজ

ক্ৰীড়াৰ বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া ৰাজ্য চৰকাৰে ক্ৰীড়া ক্লাবসমূহৰ উন্নীতকৰণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে।

আজি ডিব্ৰুগড়ৰ মিলন নগৰস্থিত অসমী সংঘৰ উদ্যোগত আৰু ডিব্ৰুগড় শৰীৰ চৰ্চা সন্থাৰ সহযোগত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি তেওঁ এই কথা উল্লেখ কৰে।

তেওঁ লগতে কয় যে, ৰাজ্যৰ ভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা ক্ৰীড়া প্ৰতিভাসমূহ বিচাৰি উলিয়াই সেই প্ৰতিভাসমূহ বিকশাই তোলাৰ ক্ষেত্ৰত ক্ৰীড়া ক্লাব সমূহে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব।

 

তদুপৰি মুখ্য মন্ত্ৰীয়ে উজবেকিস্তানত শেহতীয়াকৈ অনুষ্ঠিত হোৱা ইয়ুথ এছিয়ান ভাৰত্তোলন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক প্ৰাপ্ত ডিব্ৰুগড়ৰ সুৰজিৎ চাংমাই আৰু সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত নৱম স্থান প্ৰাপ্ত ডিব্ৰুগড়ৰ ড০ ৰাধাকৃষ্ণন স্কুল অব আৰ্টছ, কমাৰ্চ এণ্ড ছায়েন্সৰ ছাত্ৰ স্বাগত গগৈক সম্বৰ্ধনা জনায়।

উক্ত অনুষ্ঠানত সোণোৱালে সংঘৰ তৰফৰ পৰা শৰীৰ চৰ্চা কেন্দ্ৰটোৰ আন্তঃগাঁথনি উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে অনুদান বিচাৰি প্ৰদান কৰা পত্ৰ গ্ৰহণ কৰি উক্ত পত্ৰ বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে।

অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ সৈতে সাংসদ কামাখ্যা প্ৰসাদ তাছা, ডিব্ৰুগড়ৰ উপায়ুক্ত লয়া মাদ্দুৰী, আৰক্ষী অধীক্ষক গৌতম বৰা, ক্ৰীড়া সংগঠক, খেলুৱৈকে ধৰি বহুকেইজন গন্য-মান্য ব্যক্তি উপস্থিত আছিল।

Related News