• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবেই ৰাকেশ পালৰ বিৰুদ্ধে চি বি আই তদন্ত খৰতকীয়া হোৱা নাই : অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 14, 2018 6:47 am
akhil
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বৰ্তমানলৈকে ৩৬ গৰাকী এ পি এছ চি কেলেংকাৰীত জৰিত বিষয়াক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানো বহু বিষয়া জালত পৰিবলৈ বাকী আছে। আনহাতে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত ৰাকেশ পালৰ বিৰুদ্ধে তদন্ত চলোৱাত বাধা আৰোপ কৰিছে।  যোৱা ২২ মাৰ্চত উচ্চতম ন্যায়ালয়ে গুৱাহাটী হাইকৰ্টে দিয়া নিৰ্দেশ অনুসৰি ৰাকেশ পালৰ সম্পত্তিৰ ওপৰত চি বি আই তদন্ত চলাই যাবলৈ সেউজ সংকেত প্ৰদান কৰাৰ পিছতো অসম চৰকাৰে অলপমানো আগ্ৰহ প্ৰকাশ কৰা নাই,’’-’ শুকুৰবাৰে  সংবাদমেলত  তথ্য দাঙি ধৰি কৃষক নেতা অখিল গগৈয়ে অসম চৰকাৰৰ প্ৰতি এই গুৰুতৰ অভিযোগ আনে।

অখিলৰ মতে ‘‘যোৱা ২২ মাৰ্চ তাৰিখে ৰাকেশ পাল বনাম অখিল গগৈ আপিল(চিভিল) নং (এছ)-৩১২২০/২০১৫ গোচৰত উচ্চতম ন্যায়ালয়ে ৰাকেশ পালৰ বিৰুদ্ধে দিয়া ৰায়ে তদন্তৰ প্ৰসাৰতা আৰু গভীৰতা সন্দৰ্ভত আশাৰ সঞ্চাৰ কৰিছে বুলি উল্লেখ আছিল। মই গুৱাহাটী উচ্চ ন্যায়ালয়ত এপিএছচি আৰু ৰাকেশ পালৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত তৰা গোচৰ নং ৪৮/২০১৫ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে ৰাকেশ পালৰ সম্পত্তিৰ বিৰুদ্ধে চি বি আই তদন্ত ঘোষণা কৰিছিল। কিন্তু ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবে ৰাকেশ পালৰ বিৰুদ্ধে চি বি আই তদন্ত খৰতকীয়া হোৱা নাই।‘

‘‘ডিব্ৰুগড় আৰক্ষীৰ তদন্ত ৰাজনৈতিক পৃষ্ঠপোষকতাৰে কৰা আংশিক, ৰাজনৈতিক চমকযুক্ত হোৱাৰ বিপৰীতে বৰ্তমানলৈকে গুৰুত্বসহকাৰে তদন্ত  কৰা নাই। সুৰজিৎ সিং পানেশ্বৰ ডাঙৰীয়া, আপুনি যদি প্ৰকৃততে সৎ-সাহসী আৰক্ষী বিষয়া, তেন্তে আপোনাৰ তদন্তই এতিয়ালৈকে কোনো ৰাজনৈতিক বিষয়াৰ ওচৰ চাপিব পৰা নাই কিয়? কংগ্ৰেছ চৰকাৰৰ দিনত এপিএছচিৰ নিযুক্তি তালিকাখনেই ভুৱা আছিল। এইসকল গ্ৰেপ্তাৰ হোৱা দুই নম্বৰী বিষয়াক চাকৰি দি লাখ-লাখ যোগ্যতাসম্পন্ন পৰীক্ষাৰ্থীৰ জীৱন বৰবাদ কৰা নাই নে? যদি প্ৰকৃততে আপুনি সৎ সাহসী বিষয়া হয় তেন্তে সেই সময়ত নিযুক্তি পোৱা সকলোৰে চাকৰি বাতিল কৰি দিবৰ বাবে সাহস হোৱা নাই কিয়? নে হিন্দু বাংলাদেশীৰ প্ৰসংগ আহিলেই আপুনি কেইগৰাকীমান বিষয়াক গ্ৰেপ্তাৰ কৰি ইচ্ছ্যুটো ফালৰি কাটিব বিচাৰে? নে আপুনি সৰ্বানন্দ সোণোৱালৰ কেলেংকাৰীৰ চৰম অংশীদাৰ হৈ পৰিছে?,’’ –এনেদৰেই সংবাদমেলখনত ডিব্ৰুগড়ৰ আৰক্ষী বিষয়া  সুৰজিৎ সিং পানেশ্বৰক প্ৰশ্ন কৰে অখিল গগৈয়ে।

কংগ্ৰেছ চৰকাৰৰ দিনতে দুৰ্নীতিত লিপ্ত হৈ চাকৰি লোৱা এ পি এছ এ চি এছ বিষয়াসকলকহে বিজেপি চৰকাৰে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ তুলি অখিলে কয়, ‘’প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তালিকা হোৱা বাবেই হয়তো বৰ্তমানলৈকে গুৰুজ্যোতি দাসৰ পত্নীকে ধৰি পাঁচ আত্মীয়ক গ্ৰেপ্তাৰ কৰা হোৱা নাই। বিশেষকৈ এ পি এছ চি কেলেংকাৰীৰ তথ্য প্ৰমাণ মজুত থকাৰ পিছতো তথা যুক্তিসিদ্ধভাবে প্ৰমাণিত হোৱাৰ পিছতো বক্ৰপথেৰে এপিএছচি চাকৰি লোৱা প্ৰভাৱশালী নেতাৰ আত্মীয়ক গ্ৰেপ্তাৰ কৰাটো বাদেই তদন্তৰ আওতালৈ নোহোৱাটোত আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছো।‘’

আনহাতে, সুমিত্ৰা পাটিৰে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ বাবেই তেখেতৰ দুই পুত্ৰ-বোৱাৰী তদন্তৰ পৰা হাত সাৰি আছে বুলিও কৃষক নেতাগৰাকীয়ে দাবী কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে তদন্তকাৰী বিষয়াই তদন্ত কৰি ৰাকেশ পালৰ এটাও সম্পত্তি কিহৰ বাবে জব্দ কৰিব পৰা নাই আৰু সম্পত্তিৰ তালিকা এখন বৰ্তমানলৈকে তৈয়াৰ কৰিব পৰা নাই বুলিও অখিলে সংবাদমেলত প্ৰশ্ন কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd