ৰাধা কুমাৰীৰ হত্যাকাণ্ডৰ ক্লু বিচাৰি পোৱা নাই আৰক্ষীয়ে

Radha-570x320

মঙলবাৰে ডিব্ৰুগড়-ৰঙিয়া যাত্ৰীবাহী ৰে’লত সংঘটিত ৰাধা কুমাৰীৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিছে। শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত বিশেষ তদন্তকাৰী দলটো গঠন কৰা হৈছে।বুধবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই।

আনহাতে, তদন্তৰ তদাৰকৰ দায়িত্ব দিয়া হৈছে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান আৰ পি মীনাক। ঘটনাটো সন্দৰ্ভত অসম আৰক্ষীয়ে ৰে’ল কৰ্তৃপক্ষৰ লগত যোগাযোগ অব্যাহত ৰাখিছে বুলি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে।

শিৱসাগৰৰ পৰা শিমলুগুৰিলৈ মাত্ৰ বিছ মিনিটৰ ৰে’লযাত্ৰাত কৃষি বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ ক্ষত-বিক্ষত মৃতদেহ মঙলবাৰে ডিব্ৰুগড়-ৰঙিয়া যাত্ৰীবাহী ৰে’লৰ শৌচাগাৰত উদ্ধাৰ হৈছিল। অসম আৰক্ষী আৰু ৰে’ল আৰক্ষীয়ে যৌথভাৱে এই ঘটনাৰ তদন্ত চলাই আছে।

তদন্তৰ দায়িত্ব লাভ কৰাৰ পিছত শিৱসাগৰৰ শিমলুগুৰি ৰে’ল জংচনত ৰে’ল সুৰক্ষা বাহিনীৰ উচ্চপদস্থ বিষয়াৰ লগতে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান আৰ পি মীনা উপস্থিত হৈ ঘটনাৰ বুজ লয়।

জানিব পৰা মতে, ৰে’লৱেৰ গাফিলতিৰ বাবেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই। এতিয়া ৰাধা কুমাৰীৰ মাতৃৰ বৰ্ণনা শুনি অঁকা স্কেচৰ পৰাহে আৰক্ষীয়ে হত্যাকাৰী চিনাক্ত কৰি উলিয়াব লাগিব।

আনহাতে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই ৰে’ল আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিছে।

ইপিনে, বুধবাৰে শিৱসাগৰৰ ৰাধা কুমাৰীৰ বাসগৃহত উপস্থিত হৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই পৰিয়ালৰ সৈতে মত বিনিময় কৰাৰ লগতে ১৫,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে।

ইয়াৰ মাজতে শিমলুগুৰি ৰে’ল জংচনত শিমলুগুৰি নগৰ মহিলা মৰ্চা আৰু ভাৰতীয় জনতা যুৱ মৰ্চাই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। ৰে’ল ষ্টেচনত চি চি টিভি সংযোজন কৰি যাত্ৰীক নিৰাপত্তা দিয়াৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ৰাধা কুমাৰীৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।