এন আৰ চিৰ স্পৰ্শকাতৰ কেন্দ্ৰসমূহ চিনাক্ত কৰাৰ লগতে অতিৰিক্ত বাহিনী সাজু কৰি ৰখা হৈছে : ডিজিপি

DGP , Assam Police Kuladhar Saikia

File Photo

চলিত মাহৰ শেষত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ দ্বিতীয় তথা চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ সময়তে ৰাজ্যখনত ধৰ্মীয় মৌলবাদী শক্তিয়ে আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰা সম্পৰ্কত চোৰাংচোৱাৰ হাতত কোনো তথ্য থকাৰ কথা অস্বীকাৰ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে আজি দৰং, ওদালগুৰি আৰু শোণিতপুৰ এই তিনিখন জিলাত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ লগতে খচৰা প্ৰকাশৰ পিছত উদ্ভৱ হ’ব পৰা সুৰক্ষাজনিত পৰিস্থিতি সম্পৰ্কত মঙলদৈত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ পিছতে সংবাদ মাধ্যমৰ আগত বক্তৱ্য ৰাখে।

চোৰাংচোৱা সূত্ৰসমূহে বাংলাদেশ আৰু কেৰালাৰ লগত সম্পৰ্ক থকা ধৰ্মীয় মৌলবাদী শক্তিয়ে এন আৰ চিৰ খচৰা প্ৰকাশ পোৱাৰ পিছত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে সাজু হৈ থকা স্থানসমূহ ভিতৰত অতি স্পৰ্শকাতৰ হিচাপে খাৰুপেটীয়াক চিনাক্ত কৰা বুলি একাংশ অসমীয়া সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত ডিজিপি শইকীয়াই চোৰাংচোৱা সূত্ৰৰ পৰা তেনে কোনো তথ্য পোৱাৰ কথা অস্বীকাৰ কৰে।

তেওঁ লগতে নিশ্চিত খৱৰ লাভ কৰাৰ বাবে মানৱ চোৰাংচোৱা আৰু কাৰিকৰী চোৰাংচোৱা দুয়োটা প্ৰক্ৰিয়াৰে ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ‘’ আমি তেনে কোনো বিশেষ প্ৰতিবেদন লাভ কৰা নাই আৰু আমি মানৱ চোৰাংচোৱাৰ লগতে কাৰিকৰী চোৰাংচোৱাৰ জৰিয়তে কেনেকৈ প্ৰকৃত তথ্য সংগ্ৰহ কৰিব পাৰি তাৰ পৰিকল্পনা কৰিছো,’’-তেওঁ ব্যক্ত কৰে।

ৰাজ্যৰ আৰক্ষীৰ মুৰব্বীগৰাকীয়ে লগতে নিশ্চিত কৰে যে অৰ্দ্ধ সামৰিক বাহিনীৰ সহযোগত এতিয়ালৈকে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাসমূহ সন্তোষজনক আৰু আইন-শৃংখলাজনিত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোক সাজু।

‘’ সংশ্লিষ্ট জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলে স্পৰ্শকাতৰ এন আৰ চি সেৱা কেন্দ্ৰসমূহ যথোপযুক্তভাৱে চিনাক্ত কৰিছে আৰু তেওঁলোকৰ প্ৰয়োজন অনুসৰি অতিৰিক্ত বাহিনী সাজু ৰখা হৈছে। আমি এন আৰ চি প্ৰক্ৰিয়াটো শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰিবলৈ সম্পূৰ্ণভাৱে সাজু আছো,’’-ডিজিপি শইকীয়াই লগতে জানিবলৈ দিয়ে।

দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আজিৰ ৰুদ্ধদ্ধাৰ বৈঠকত সভাপতিত্ব কৰে ৰাজ্যখনৰ মুখ্য সচিব টি ৱাই দাসে আৰু বৈঠকত অতিৰিক্ত মুখ্য সচিব আলোক কুমাৰ, সংশ্লিষ্ট জিলাকেইখনৰ আৰক্ষী অধীক্ষককেইজন, সেনা আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ শীৰ্ষ বিষয়াৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।