NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কে নতুন দিল্লীত ৰাজনাথ সিং, সোণোৱালৰ বৈঠক

May 3, 2018 9:48 pm · এন ই নাও নিউজ
Updated: May 6, 2018 4:22 pm

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক আজি ৩ মে’ত নতুন দিল্লীত সাক্ষাৎ কৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দ্বিতীয়খন খছৰা প্ৰকাশৰ পূৰ্বে এন আৰ চিক লৈ আজিৰ সাক্ষাতত বিতং আলোচনা হয় বুলি জানিব পৰা গৈছে।

গৃহ মন্ত্ৰ্যালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু ৰাজ্য চৰকাৰৰ বিষয়াবৰ্গও এই আলোচনাত উপস্থিত আছিল।

মুখ্য মন্ত্ৰী সোণোৱালে আলোচনাৰ অন্তত সাংবাদিকৰ আগত প্ৰকাশ কৰিছে যে এই আলোচনাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কে বিতং আলোচনা কৰা হৈছে। প্ৰথম খচৰাৰ দৰেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বিতীয় খচৰাকো ৰাইজে শান্তিপূৰ্ণভাৱে গ্ৰহণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ৰাজ্যখনত শান্তিৰ পৰিৱেশ বজাই ৰখাৰ বাবে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ত্ৰুটিমুক্ত হ’ব বুলিও তেওঁ কয়।

সূত্ৰ অনুসৰি ৰাজ্যৰ শান্তি বজাই ৰখাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্য মন্ত্ৰী সোণোৱালে কেন্দ্ৰীয় গৃহমন্ত্ৰীক জানিবলৈ দিছে।

ৰাজ্যৰ কেইবাটাও ঐতিহ্যপূৰ্ণ স্থান ব্যক্তিগত কোম্পানিৰ হাতত অৰ্পণ কৰাৰ প্ৰসংগত সোণোৱালে কয় যে ৰাজ্যৰ জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কাম তেওঁৰ চৰকাৰে নকৰে।

Related News