NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিউজ ৱে’বছাইট ‘ৱায়াৰ’ৰ প্ৰতিবেদনৰ অষ্টম স্থানত কৃষক নেতা অখিল গগৈ

January 3, 2018 4:36 pm · এন ই নাও নিউজ
Updated: January 3, 2018 7:27 pm

ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিউজ ৱে’বছাইট ‘ৱায়াৰে’ ২০১৭ চনত বিজেপি চৰকাৰে দেশত সন্মুখীন হোৱা আটাইতকৈ গুৰুতৰ ১০ টা প্ৰত্যাহ্বানৰ সম্পৰ্কে যুগুত কৰা এক প্ৰতিবেদনত ঠাই পাইছে অসমৰ কৃষক নেতা অখিল গগৈয়ে।

ৱে’বছাইটটোৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত মূৰ দাঙি উঠা প্ৰত্যাহ্বান সমূহ সন্নিৱিষ্ট কৰি এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল। উক্ত ভিডিঅ’টোত অসমৰ কৃষক নেতা গৰাকীক অষ্টম স্থানত ঠাই দিয়া হৈছে। নৱ বৰ্ষৰ প্ৰথম দিনটোতে প্ৰচাৰিত এই ভিডিঅ’টোত অখিল গগৈ নেতৃত্বাধীন চৰকাৰ বিৰোধী সংগ্ৰামক শ্ৰেষ্ঠ প্ৰতিৰোধ সংগ্ৰাম হিচাপে উল্লেখ কৰা হৈছে।

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ  অধীনত কৃষক নেতাজনৰ গ্ৰেপ্তাৰৰ উল্লেখ থকা ভিডিঅ’টোত তেওঁৰ নেতৃত্বত চলা হিন্দু-বাংলাদেশীক নাগৰিকত্ব প্ৰদানবিৰোধী আন্দোলন তথা অসম চৰকাৰে অসংখ্য গোচৰত তেওঁক বাৰেপতি গ্ৰেপ্তাৰ কৰা আদি প্ৰসংগয়ো স্থান পায়।

অসম চৰকাৰে সঘনাই  কাৰাগাৰলৈ নিক্ষেপ কৰা অখিল গগৈক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱে’বছাইটে দিয়া এই স্বীকৃতিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখযোগ্য যে এই ভিডিঅ’ প্ৰতিবেদনত বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰত্যাহ্বান গঢ়ি তোলা অন্য ৯ গৰাকী ব্যক্তিৰ কাৰ্যকলাপো সন্নিৱিষ্ট কৰা হৈছে।

 

Related News