NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিশু সাহিত্যিক বিনন্দ বৰুৱাৰ দেহাৱসান

December 14, 2017 10:26 am · এন ই নাও নিউজ

যোৰহাটৰ ৰজামৈদান নিৱাসী, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিশু সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, কবি বিনন্দ বৰুৱাৰ ১২ ডিচেম্বৰৰ নিশা ১২ মান বজাত নিজ বাসভৱনত মৃত্যু হয়। মৃত্যৰ সময়ত তেওৰ বয়স হৈছিল ৮০ বছৰ। বৰুৱাৰ মৃত্যু যোৰহাট তথা সাহিত্য প্ৰেমিৰ বাবে এক দু খবৰ। সাহিত্যিক বৰুৱাই নিজৰ শিক্ষা জীৱনৰ পাতনি মেলে কাকজানত। শিক্ষা জীৱন সমাপ্ত কৰাৰ পিছত প্ৰথমে গোলাধাট পলিটেকনিকত চাকৰিৰ জীৱন আৰম্ভ কৰা বৰুৱাই পিছত যোৰহাট বিজ্ঞান মহাবিদ্যালয়(বৰ্তমান জিষ্ট)ত চাকৰি কৰে। ইয়াৰ পাছতে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰে।

শিশু সাহিত্যিক হিচাপে খ্যাতি লাভ কৰা বৰুৱাই ‘অকণিৰ চোৰ-পুলিচ’ নামৰ শিশু পুথিখনৰ বাবে ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰে। তেওঁৰ আনকেইখনমান উল্লেখযোগ্য যে শিশু গ্ৰন্থ হ’ল ‘অকণিৰ জ্যোতিপ্ৰসাদ’, ‘অকণিৰ নিৰ্মল প্ৰভা বৰদলৈ’, ‘বকুল বনৰ সঁফুৰা’, ‘মহৎলোকৰ মহৎ চিন্তা’, ‘বান্দৰৰ বান্দৰামি’ আৰু ‘যত্ন কৰিলে ৰত্ন পায়’। ‘আধালিখা গ্ৰন্থ’ খন হ’ল তেওঁৰ একমাত্ৰ গল্প পুথি। জীৱনী গ্ৰন্থ দুখন হ’ল ‘শিক্ষাবিদ শশী শৰ্মা’ আৰু ‘বীৰেন বৰকটকীৰ জীৱন ৰেখা’। কবিতা গ্ৰন্থ খন হ’ল ‘দেশে দেশে দেশ আছে’। ইয়াৰ উপৰি তেওঁ লিখা উপন্যাস ‘জীয়াই থকাত সপোন’ আৰু অনাতাঁৰ নাটক ‘সংঘাত’। উল্লেখযোগ্য যে সাহিত্যচৰ্চাৰ উপৰি তেওঁ বিভন্ন সাহিত্য-সাংষ্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সক্ৰিয়তাৰে জড়িত আছিল। তেওঁ যোৰহাট জিলা সাহিত্যসভাৰ সভাপতি, যোৰহাট শাখা সাহিত্য সভাৰ সম্পাদক, অসমীয়া ভাষা-জ্ঞান সংসদৰ সচিব, সদৌ অসম কবি সন্মিলনীৰ উপসভাপতিকে ধৰি বিভিন্ন সংগঠনৰ দায়িত্ব পালন কৰিছিল। তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিবলৈ গুণমুগ্ধৰ সোতঁ বয়। ৰাতিপুৱা ৯ বজাত তেওঁৰ মৃতদেহ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়লৈ নি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। বিশিষ্ট শিশু সাহিত্যিক গৰাকীৰ মৃত্যুৰ বাবে কালি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত সভাৰ পতাকা দিনটোৰ বাবে অৰ্ধনিমিত ৰাখে। তেওঁৰ মৃত্যুত আছু, এ জে ৱাই চি পিকে ধৰি বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰাৰ উপৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। বৰুৱাৰ নশ্বৰদেহৰ শেষকৃত্য সম্পন্ন কৰে তেওঁৰ পুৰনি বাসগৃহত। মৃত্যুৰ সময়ত সাহিত্যিক গৰাকীয়ে পত্নী, এজন পুত্ৰ-বোৱাৰী, এগৰাকী কন্যা-জোঁৱাই, নাতি-নাতিনী সহ বহু গুণমুগ্ধক এৰি থৈ যায়।

Related News