‘ৰিজিজু জড়িত ৪০৫ কোটি টকীয়া জলবিদ্যুৎ কেলেংকাৰীত’ : কেন্দ্ৰীয় গৃ্হ ৰাজ্য মন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰণ কংগ্ৰেছৰ

Kiren-Rijiju

অৰুণাচল প্ৰদেশ কংগ্ৰেছ সমিতিয়ে ৰাজ্যখনৰ ৪০৫ কোটি টকীয়া জল বিদ্যুৎ কেলেংকাৰীত কেন্দ্ৰীয় গৃ্হ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু জড়িত থকাৰ অভিযোগ তুলি ইয়াৰ তদন্ত চিবিআইক ন্যস্ত কৰিবৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী জনাইছে।

অৰুণাচল কংগ্ৰেছৰ সম্পাদক কেন্ত’ কামনিয়ে আজি জাৰি কৰা এক প্ৰে’ছ বিবৃতিত দাবী কৰে যে অৰুণাচলৰ জল বিদ্যুৎ প্ৰকল্পসমূহত দুৰ্নীতি আৰু ঠগবাজি হোৱা বুলি সাৱধান কৰি কেন্দ্ৰীয় নিৰীক্ষণকাৰী বিষয়া (Chief Vigilance Officer)ই ইতিমধ্যে প্ৰতিবেদন দিছে।

নীপক’ৰ নিৰীক্ষণ গোটেও এই দুৰ্নীতিত ৰিজিজু সম্পূৰ্ণৰূপে জড়িত বুলি কেন্দ্ৰীয় নিৰীক্ষণকাৰী আয়োগক (Central Vigilance Commission) অভিযোগনামা দিছে বুলিও কংগ্ৰেছে বিবৃতিটোত উল্লেখ কৰিছে।

টাৱাঙত ২০১৬ চনৰ ২ মে’ত বৃ্হৎ নদীবান্ধবিৰোধী প্ৰতিবাদী সমদলৰ নিৰস্ত্ৰ প্ৰতিবাদীৰ ওপৰত গুলী চলাই টাৱাং বৌদ্ধ বিহাৰৰ লামা নিমা ৱাংদি আৰু চেৰিং তেম্পাক হত্যা কৰা ঘটনাটোৰ আঁৰৰ প্ৰকৃত সত্য উদ্ঘাটনৰ বাবে তৎকালীনভাৱে চিবিআই তদন্ত দাবী কৰে প্ৰদেশ কংগ্ৰেছে।

অৰুণাচলৰ বিজেপি চৰকাৰে ২০০৪ৰ পৰা ২০০৭ চনলৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ গোচৰসমূহ চিবিআইক দিয়া বুলি ‘মুখ্য মন্ত্ৰী পেমা খান্দুৱে কৰা দাবী’ক ‘গোকাট মিছা’ বুলি দাবী কৰি কংগ্ৰেছে অভিযোগ কৰে যে বিজেপি চৰকাৰে অৰুণাচলৰ ৰাইজক মূৰ্খ সাজিব খুজিছে।

‘চিবি আইক কোনো গোচৰ হস্তান্তৰিত কৰিবলৈ হ’লে কেবিনে’ট সিদ্ধান্ত লোৱা দৰকাৰ’ বুলি উল্লেখ কৰি কংগ্ৰেছে এইক্ষেত্ৰত কোনো কেবিনে’ট সিদ্ধান্ত নোহোৱাৰ ইংগিত দিয়ে।

কংগ্ৰেছে বিজেপি চৰকাৰক তৎকালে কাৰ্য্যকৰী হোৱাকৈ সকলো গোচৰ চি বি আইক গতাবলৈ প্ৰত্যাহ্বান জনাই।

কংগ্ৰেছে ৰাজ্যৰ স্বাস্থ্য বিভাগত হোৱা ৩০০ টা অবৈধ নিযুক্তি সন্দৰ্ভত বিতং তদন্ত চলাবলৈ আদালতে দিয়া নিৰ্দেশক আদৰণি জনাইছে আৰু দুৰ্নীতিত জড়িত সকলো ব্যক্তিকে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।

নিজেও নাখাওঁ, আনকো খাবলৈ নিদিওঁ বুলি মোদীয়ে দুৰ্নীতি সন্দৰ্ভত কৰি অহা সঘন ঘোষণাক লৈ অৰুণাচল প্ৰদেশ কংগ্ৰেছে কয় যে বিজেপি নেতাৰ দুৰ্নীতিয়ে প্ৰমাণ কৰিছে যে মোদীৰ কথা আৰু কামৰ মাজত মিল নাই।

মোদীৰ অচ্ছে দিন ক’তবা আছে বুলিও অৰুণাচল প্ৰদেশ কংগ্ৰেছে প্ৰশ্ন কৰে।