ৰুগীয়া দেহাৰে মাজুলীৰ শিক্ষক মোহন চন্দ্ৰ দাসে তাঁতশালত বৈ উলিয়ালে সচিত্ৰ ভাগৱত

majuli gamocha

মনত দুৰ্বাৰ হেপাহ থাকিলে শৰীৰে কেতিয়াও বাধাৰ সৃষ্টি কৰিব নোৱাৰে। তাকেই প্ৰমাণ কৰি দেখুৱালে মাজুলীৰ এজন শিক্ষকে। মাজুলী বেঙেনাআটীৰ বাসিন্দা মোহন চন্দ্ৰ দাসে ১৭ মাহত তাঁতশালত বৈ উলিয়ালে ১২ হাত দৈৰ্ঘ্যৰ সচিত্ৰ ভাগৱত ।

উল্লেখযোগ্য যে দিনত বিদ্যালয়লৈ যোৱাৰ বিপৰীতে ৰাতি ৰাতি তাঁতশালত সুন্দৰ আৰু নিখুঁতভাৱে বৈ উলিয়াইছে ১২ স্কন্ধ ভাগৱতৰ আৰ্হিত ১২ হাত দৈৰ্ঘ্যৰ সচিত্ৰ ভাগৱত বস্ত্ৰখন। এই বস্ত্ৰখনত উল্লেখ আছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পৰা মহাৰাসলৈকে।

এই বস্ত্ৰখনত এক জীৱন্ত ৰূপত প্ৰকাশ পাইছে শ্ৰীকৃষ্ণৰ লীলা। এজন পুৰুষে এই অসাধাৰণ কাম সম্ভৱ কৰা কাৰ্যত সকলোৱে শুভেচ্ছা প্ৰদান কৰিছে।

স্মৰ্তব্য যে বৰ্তমান পেচাত শিক্ষক মোহন চন্দ্ৰ দাসে নিজৰ ১০ বছৰ বয়সৰ পৰাই এনেদৰে তাঁতশালত কাম কৰি আহিছে। টঙালী, গামোচা, নগাচাল, পাত মুগাৰ চোলা, মেখেলা-চাদৰ আদি বিবিধ বস্ত্ৰ সুন্দৰকৈ বৈ আহিছে।

মাজুলীৰ বিশিষ্ট মুখা শিল্পী ডঃ হেমচন্দ্ৰ গোস্বামীৰ অনুপ্ৰেৰণা তথা অজস্ৰজনে আগ বঢ়োৱা মনোবলকে সাৰথি কৰি এই অসাধাৰণ কাম কৰি উলিয়াবলৈ সক্ষম হ’ল মোহন চন্দ্ৰ দাসে । তেওঁ এই সচিত্ৰ ভাগৱতখন বৈ থাকোতেই জটিল কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। মোহন দাসৰ এই বিৰল কৰ্মই এতিয়া বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

আনহাতে এই বস্ত্ৰভাগ অসম চৰকাৰে বিচাৰিলে শংকৰদেৱ কলা ক্ষেত্ৰত প্ৰদান কৰাৰ কথা উল্লেখ কৰি শিল্পী মোহন দাসে কয় যে ভবিষ্যতে স্বাস্থ্য ভালে থাকিলে এই তাঁতশালতে বৃন্দাবনী বস্ত্ৰও তৈয়াৰ কৰিব।

উল্লেখযোগ্য যে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত শিল্পী মোহন দাস ২ মাহ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা গ্ৰহণ কৰিছে। দেহত দুৰাৰোগ্য ৰোগ লৈ শিক্ষকতা আৰু বয়ন শিল্প দুয়োতাই আগবঢ়াই নিয়া শিল্পী মোহন দাসৰ সু-স্বাস্থ্য কামনা কৰি ভৱিষ্যতেও এনেধৰণৰ কাম কৰি যোৱাৰ বাবে শুভেচ্ছা প্ৰদান কৰে মাজুলীবাসীয়ে।