ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ত্ৰিপুৰাৰ উনাকটি চিকিৎসালয়ৰ চিকিৎসকক মাৰ-ধৰ

20180514_103216

এটা মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি আজি ৰাতিপুৱা উত্তপ্ত হৈ পৰিল উনাকটি জিলা চিকিৎসালয়। চিকিৎসালয়ত এজন লোক মৃত্যু হোৱাক কেন্দ্ৰ কৰি মৃত লোকজনৰ পৰিয়ালৰ লোকে চিকিৎসালয় চৌহদ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে মাৰ পিটতো লিপ্ত হয়।

৭০ বছৰীয়া জবৰ উদ্দিন নামৰ লোকজন মৃত্যু হোৱা বুলি কোৱাৰ লগে লগে পৰিয়ালৰ লোকে কৰ্মৰত চিকিৎসক আৰু নিৰাপত্তাত নিয়োজিত সুৰক্ষা কৰ্মীক বেয়াকৈ মাৰ ধৰ কৰে। মাৰ পিটত চিকিৎসকৰ লগতে সুৰক্ষা কৰ্মীজন বেয়াকৈ আঘাত প্ৰাপ্ত হয়।

উল্লেখ্য যে গৌৰনগৰ অঞ্চলৰ দক্ষিণ বৰখলাৰ ফুল্কুমাৰী গাঁৱৰ নিবাসী জবৰ উদ্দিন নিজ ঘৰৰ পৰা হঠাৎ নোহোৱা হয়। পিছত পৰিয়ালৰ লোকে অন্তৰ্ধান হোৱা উদ্দিনক মূমূৰ্ষ অৱস্থাত ৰাস্তাৰ কাষৰ পৰা উদ্ধাৰ কৰি ততাতয়াকৈ জিলা চিকিৎসালয়লৈ লৈ আনে।

চিকিৎসালয় পোৱাৰ পাছত চিকিৎসক বিপ্ৰজিত দেৱ বৰ্মাই উদ্দিন মৃত বুলি ঘোষণা কৰে। এই খবৰ লাভ কৰাৰ লগে লগে মৃত উদ্দিনৰ পৰিয়ালৰ লোক উত্তেজিত হৈ চিকিৎসালয় লণ্ড ভণ্ড কৰাৰ লগতে চিকিৎসক আৰু সুৰক্ষা কৰ্মীজনকো মাৰ ধৰ কৰে।

এই ঘটনা সংঘটিত হোৱাৰ কিছু সময় পাছত চিকিৎসক আৰু মেডিকেল ছুপাৰ সত্যজিত পালে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। যেতিয়া লৈকে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জড়িত লোকক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে চিকিৎসালয়ৰ পৰা মৃতদেহ লৈ যাবলৈ দিয়া নহ’ব বুলি উক্ত বৈঠকতে সৰ্বসন্মতি ক্ৰমে সিদ্ধান্ত লয়।

ইফালে গুৰুতৰভাৱে আহত হোৱা চিকিৎসক বিপ্ৰজিত দেৱ বৰ্মাই ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।