ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত অচলাৱস্থা

আগৰতলা চিকিৎসা মহাবিদ্যালয়

শুক্ৰবাৰে এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ পিছৰে পৰা ত্ৰিপুৰাৰ আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয় (AGMC)ৰ চিকিৎসাসেৱা সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি শুক্ৰবাৰে নিশা চিকিৎসালয়খনত চিকিৎসাধীন এজন ৰোগীৰ মৃত্যু হয়। লোকজনৰ মৃত্যুৰ বাবে পৰিয়ালৰ লোকসকলে চিকিৎসকসকলক জগৰীয়া কৰাৰ ফলত দুয়োপক্ষৰ মাজত তৰ্কাতৰ্কি লগাৰ উপৰি উত্তেজিত লোকসকলে চিকিৎসকক শাৰীৰিকভাৱে আক্ৰমণ কৰাটো নামি পৰে।

উক্ত ঘটনাৰ পিছদিনাৰ পৰাই চিকিৎসা মহাবিদ্যালয়খনৰ কনিষ্ঠ  চিকিৎসকসকলে নিৰাপত্তাৰ দাবী জনাই প্ৰতিবাদত নামি পৰাৰ লগতে যোৱা শনিবাৰৰ পৰা চিকিৎসাসেৱা প্ৰদানৰ পৰা বিৰত আছে।

আনহাতে মৃত লোকজনৰ পৰিয়ালে জনোৱা মতে ৰোগীজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল যদিও সেই সময়ত তাত এজনো জ্যেষ্ঠ চিকিৎসক উপস্থিত নাছিল। উপস্থিত কনিষ্ঠ চিকিৎসকজনে ভালদৰে চিকিৎসা নকৰাৰ ফলতে ৰোগীজনৰ মৃত্যু হ’ব লগীয়া হয় বুলি তেওঁলোকে অভিযোগ কৰে।