ৱিলিয়ামনগৰ সমষ্টিৰ নিৰ্বাচনৰ ফলাফলৰ বাবে ভোটাৰক ধন্যবাদ মুখ্য মন্ত্ৰী ক’নৰাড চাংমাৰ

Conrad-K-Sangma-570x320

ক’নৰাড কে চাংমা

যোৱা ২৭ এপ্ৰিলত হৈ যোৱা ৱিলিয়ামনগৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত জয়লাভ কৰা  শাসনাধিষ্ঠিত নেশ্যনেল পীপ’লছ পাৰ্টি (এন পি পি)ৰ প্ৰাৰ্থী মাৰ্কুইজ মাৰাকক দলটোৰ সভাপতি তথা মুখ্য মন্ত্ৰী ক’নৰাড কে চাংমাই অভিনন্দন জনাইছে।

মুখ্য মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ দল আৰু প্ৰাৰ্থীৰ প্ৰতি দেখোৱা বিশ্বাস আৰু সমৰ্থনৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

মাৰ্কুইজ মাৰাকৰ এই জয়লাভত আনন্দ প্ৰকাশ কৰি তেওঁ কয়, ‘এখন নতুন মেঘালয় গঢ়ি তোলাৰ বাবে আমি লোৱা সংকল্প আৰু যাত্ৰাত আমাৰ সৈতে থকাৰ বাবে মই ঈশ্বৰক ধন্যবাদ জনাব বিচাৰো।‘

ৱিলিয়ামনগৰ সমষ্টিবাসীৰ আকাংক্ষা আৰু কণ্ঠক প্ৰতিনিধিত্ব দিয়াৰ লগতে তেওঁলোকক নেতৃত্ব দিব পাৰিব বুলি মাৰাকৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছে মুখ্য মন্ত্ৰীজনে মন্তব্য কৰে।

তেওঁ আৰু কয়, ‘মাৰ্কুইজ মাৰাক আমাৰ দলৰ এজন বহু পুৰণি কৰ্মী, দলটোক শক্তিশালী কৰাত তেওঁ বহু কষ্ট কৰিছে। তেওঁৰ অভিজ্ঞতা আৰু নেতৃত্বৰ গুণে মেঘালয়ক বিকাশৰ দিশত আগুৱাই নিয়াত এন পি পিক সহায় কৰিব।‘

এই বিজয় কেৱল ৱিলিয়ামনগৰৰে নহয় বৰঞ্চ সমগ্ৰ মেঘালয়ৰে বুলি উল্লেখ কৰি তেওঁ দলটোৰ সকলো নেতা, কৰ্মী আৰু সমৰ্থকক অভিনন্দন আৰু কৃতজ্ঞতা জনায়।

মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ এই বিজয়ক ৰাজ্যখনৰ জনসাধাৰণ, দল আৰু তেওঁৰ পিতৃ পুৰ্ন’ চাংমাৰ প্ৰতি উৎৰ্গা কৰিছে।