NORTHEAST NOW (Assamese)

ধোঁৱাচাঙত নাৰী সুৰক্ষা: দুই কিশোৰী ভগ্নীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ দুৰ্বৃত্তৰ; দুই অভিযুক্তক গ্ৰেপ্তাৰ

November 20, 2022 6:42 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 19, 2022 11:54 pm

ক্ৰমাৎ মহিলাৰ সুৰক্ষাৰ প্ৰতি প্ৰচণ্ড ভাবুকিৰ সৃষ্টি হৈছে দেশত। দেশৰ বিভিন্ন প্ৰান্তত দৈনন্দিন নাৰীৰ বিৰুদ্ধে হোৱা বৰ্দ্ধিত অপৰাধ তথা ধৰ্ষণকাণ্ডই চৰম ভাবুকি কঢ়িয়াই আনিছে নাৰী সমাজৰ প্ৰতি, প্ৰতিনিয়ত এক অসুৰক্ষিত পৰিৱেশৰ মাজত ভীতিগ্ৰস্ত হৈ দিব কটাবলগীয়া হৈছে দেশৰ মহিলা সকল।

নাৰী সুৰক্ষাৰ এনে ফোঁপোলা পৰিৱেশ পুনৰবাৰ উন্মোচিত কৰিছে মধ্য প্ৰদেশৰ এক দলবদ্ধ ধৰ্ষণ কাণ্ডই। ৰাজ্যখনৰ গুনা জিলাত দুগৰাকী নাবালিকা ভগ্নীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে চাৰি দুৰ্বৃত্তৰ বিৰুদ্ধে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ১০ নৱেম্বৰৰ মাজনিশা এই ঘৃণনীয় কাণ্ড সংঘটিত হৈছিল। অভিযোগ অনুসৰি, ১০ নৱেম্বৰৰ মাজনিশা দুয়ো ভগ্নীয়ে প্ৰস্ৰাৱ কৰাৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই অহাৰ সময়তে অভিযুক্ত দুৰ্বৃত্ত কেইবাগৰাকীয়ে অপহৰণ কৰে।

চাৰিও দুৰ্বৃত্তই অচেতন হোৱা ঔষধ সনা বস্ত্ৰৰে কিশোৰী দুগৰাকীৰ মুখত হেঁচা দি অচেতন কৰে আৰু নিৰ্জন ঠাইলৈ লৈ যায়। তাৰ পিছতে চাৰিও দুৰ্বৃত্তই উপুৰ্যুপৰি দুই ভগ্নীক ধৰ্ষণ কৰে বুলি তেওঁলোকে অভিযোগ কৰিছে।

তদুপৰি এই সমগ্ৰ ঘটনাৰ বিষয়ে পৰিয়ালক অৱগত কৰিলে পৰিয়ালৰ সদস্যক হত্যা কৰাৰ ভাবুকিও দিয়াৰ অভিযোগ উঠিছে বুলিও এগৰাকী আৰক্ষী বিষয়াই কয়।

ক্ৰমে ১৭ আৰু ১৩ বৰ্ষীয় দুয়ো ভগ্নীয়ে এই সকীয়নিৰ পাছতো আৰক্ষীৰ কাষ চাপে। কিশোৰী দুগৰাকীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ৩৭৬ ধাৰা আৰু অন্যান্য প্ৰাসংগিক ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰে।

ইতিমধ্যে আৰক্ষীয়ে এই অপৰাধৰ বাবে দুগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আনহাতে আন দুগৰাকী পলাতক অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত আছে বুলিও তেওঁ কয়।

Related News